অসম

assam

By

Published : Oct 8, 2022, 12:52 PM IST

ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হ'ব । তেওঁৰ এই ভ্ৰমণৰ সময়ত নিচিন্তপুৰত নতুনকৈ নিৰ্মিত ট্ৰেন্সশ্বিপমেণ্ট য়াৰ্ডকে (transshipment yard at Nischintapur) ধৰি কেইবাটাও ৰে'ল প্ৰকল্প উদ্বোধন কৰিব ।

President Draupadi Murmu Will visit Tripura
দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰালৈ আহিব ৰাষ্ট্ৰপতি

আগৰতলা,৮ অক্টোবৰ:অহা ১৩ অক্টোবৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হ'ব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Draupadi Murmu Will visit Tripura)। দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত ৰাজ্যখনলৈ তেওঁৰ এয়া হৈছে প্ৰথম ভ্ৰমণ । প্ৰাৰম্ভিক ভ্ৰমণ সূচী অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ত্ৰিপুৰাৰ নিচিন্তপুৰত নতুনকৈ নিৰ্মিত ট্ৰেন্সশ্বিপমেণ্ট য়াৰ্ডকে (transshipment yard at Nischintapur) ধৰি কেইবাটাও ৰে'ল প্ৰকল্প উদ্বোধন কৰিব । উল্লেখ্য় যে এই প্ৰকল্পসমূহ বাংলাদেশৰ সৈতে সংযুক্ত হ'ব ৷

পূৰ্বোত্তৰ ৰে'লৱেৰ এক সূত্ৰ (Eastern Frontier Railway) অনুসৰি অসমৰ গুৱাহাটীলৈকে চলি থকা ০২৫১৮/১৭ নম্বৰৰ কলকাতা এক্সপ্ৰেছ ৰে'লখন আগৰতলালৈ সম্প্ৰসাৰিত কৰা হ'ব (Kolkata Express train from Guwahati to Agartala)। এই এক্সপ্ৰেছ ৰে'লখন ৰাষ্ট্ৰপতিগৰাকীয়ে পতাকা জোকাৰি মুকলি কৰিব ৷ ইয়াৰ উপৰি মণিপুৰ-আগৰতলা জন শতাব্দী এক্সপ্ৰেছৰ আগৰতলা-জিৰিবাম (Manipur Agartala Jan Shatabdi Express) মণিপুৰৰ খোংচাঙলৈ সম্প্ৰসাৰিত কৰা হ'ব । ৰেলখন নতুন এলএইচবি ৰেক আৰু ভিষ্টা ডোম ডবাৰ সৈতে সংযোগ কৰা হ'ব ।

ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ত্ৰিপুৰা ভ্ৰমণৰ সময়ত নিচিন্তপুৰৰ ৰে'লপথ পৰিবহণ প্ৰাংগনটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ ত্ৰিপুৰাসুন্দৰী মন্দিৰলৈও যাব । উল্লেখ্য় যে তেওঁক ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য (Governor Satyadeo Narayan Arya), মুখ্যমন্ত্ৰী ডাঃমানিক সাহা (Chief Minister Dr Manik Saha) আৰু ৰাজ্যখনৰ অন্যান্য উচ্চ বিষয়াসকলে আদৰণি জনাব । ইয়াৰ পূৰ্বেই আগৰতলা চহৰৰ উপকণ্ঠত অৱস্থিত নৰচিনগড়ৰ ন্যায়িক একাডেমীৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে ।

ইফালে,ৰাষ্ট্ৰপতিৰ ৰাজ্য ভ্ৰমণৰ পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান (Director General of Police Tripura) অমিতাভ ৰঞ্জনে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰিছে । ৰাজ্য়খনৰ আৰক্ষী বিভাগে এই বিষয়ে সদৰি কৰিছে ।

লগতে পঢ়ক:ভাৰতীয় বায়ুসেনাই আগন্তুক বছৰৰ ভিতৰত মকৰল কৰিব মহিলা অগ্নিবীৰ

ABOUT THE AUTHOR

...view details