অসম

assam

ETV Bharat / bharat

ষষ্ঠ মৃত্যু বাৰ্ষিকীত জানো আহক প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামক - PV Narsimha Rao government

২০১৫ চনৰ আজিৰ দিনটোতে শ্বিলঙত দেশৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামৰ দেহাৱসান ঘটে । ড৹ এ পি জে আব্দুল কালামে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে স্মৰণ কৰা হয় ৷ তেওঁ ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

dr-a-p-j-abdul-kalam-6th-death-anniversary
ড০ আব্দুল কালামৰ আজি ষষ্ঠ মৃত্যু বাৰ্ষিকী: মৃত্যু বাৰ্ষিকীত জানো আহক তেওঁৰ বিষয়ে

By

Published : Jul 27, 2021, 7:24 PM IST

Updated : Jul 27, 2021, 7:31 PM IST

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (DR. A P J Abdul Kalam)ৰ ২০১৫ চনৰ ২৭ জুলাইত মৃত্যু হয় । প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু তিথিত প্ৰতি বছৰে ৰাষ্ট্ৰই তেওঁক স্মৰণ কৰে ৷ ড৹ এ পি জে আব্দুল কালামে ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ড৹ এ পি জে আব্দুল কালামক প্ৰধানত ভাৰতৰ বিজ্ঞান, বিশেষকৈ মহাকাশ আৰু ক্ষেপণাস্ত্ৰৰ ক্ষেত্ৰত অৰ্জন কৰা কৃতিত্বৰ বাবে স্মৰণ কৰা হয় ৷ বিশেষকৈ অগ্নি আৰু পৃথ্বী মিছাইলৰ বিকাশৰ আঁৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷

ড৹ কালামৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছিল ৷ ইয়াৰে উইংছ অৱ ফায়াৰ আৰু ইগনাইটেড মাইণ্ড বিশেষভাবে লেখত ল’বলগীয়া ৷ এই গ্ৰন্থকেইখনে কিশোৰ আৰু যুৱ সমাজক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ।

প্ৰাৰম্ভিক জীৱন

ড৹ কালামৰ ব্যক্তিগত জীৱন অতি সংঘৰ্ষপূৰ্ণ আছিল । ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ড৹ কালামে শৈশৱ কালত বহু কষ্টৰ সন্মুখীন হৈছিল ৷ কিন্তু তেওঁ কেতিয়াও হাৰ মানি নাছিল । শ্ৱাৰ্টজ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Schwartz Higher Secondary School)ত স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত, ড৹ কালামে ছেইণ্ট জোচেফ কলেজত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰীত নামভৰ্তি কৰে । স্নাতক শিক্ষা শেষ কৰাৰ পিছত, ড৹ কালামে মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা এৰ’নটিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰে ।

কৰ্মজীৱন

ড৹ এ পি জে আব্দুল কালামে ১৯৫৮ চনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণ সংস্থাত (DRDO) ত যোগদান কৰে ৷ তেওঁ এক দশকৰো অধিক সময়ৰ ডি আৰ ডি অ’ত কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৬৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ত যোগদান কৰে । তেওঁ ভাৰতত নিৰ্মিত প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ এছ এল ভি-৩ (SLV-III) ৰ প্ৰকল্প সঞ্চালক আছিল । ড০ কালাম ১৯৮২ চনত পুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত (DRDO) ত যোগদান কৰে আৰু ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰ’গ্ৰাম (Integrated Guided Missile Development Program) কাৰ্যক্ষম কৰে ৷ ইয়াৰ বাবে পিছত তেওঁক "মিছাইল মেন অৱ ইণ্ডিয়া"ৰ (Missile Man of India) সন্মান অৰ্জন কৰে ।

পোখৰাণ পাৰমাণৱিক পৰীক্ষণ

ড৹ এ পি জে আব্দুল কালামে বিভিন্ন আদৰ্শগত ৰাজনৈতিক দলৰ সৈতে কাম কৰাৰ গৌৰৱ লাভ কৰিছিল । তেওঁক পি ভি নৰসিংহ ৰাও চৰকাৰ (PV Narsimha Rao government)ৰ দিনত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বৈজ্ঞানিক উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল । তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী (Prime Minister Atal Bihari Vajpayee)ৰ নেতৃত্বত ভাৰতৰ ১৯৯৮ চনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণত ড৹ কালামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

অৱশ্যে আন্তৰ্জাতিক সম্প্ৰদায়ে ড৹ কালামৰ কৰ্মৰাজিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু এই ক্ষেত্ৰত ভাৰতৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞাও জাৰি কৰা হৈছিল ৷ কিন্তু ১৯৯৮ চনৰ মে’ মাহত পোখৰণ-২ পৰীক্ষণে ড৹ কালামক সকলোৰে মাজত পৰিচিত কৰি তুলিছিল ৷

১৯৯৯ চনত অটল বিহাৰী বাজপেয়ী পুনৰ ক্ষমতালৈ অহাত ড৹ কালামে ২০০১ চনলৈকে চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ এবছৰ পিছত, তেওঁ কে আৰ নাৰায়ণৰ পাছত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ড৹ কালামক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰেও সন্মানিত কৰা হৈছিল ৷ তেওঁক ১৯৯০ চনত পদ্মভূষণ (Padma Bhushan) আৰু ১৯৯৭ চনত ভাৰত ৰত্ন (Bharat Ratna) প্ৰদান কৰা হয় ।

মৃত্যু

27 জুলাই, 2015 ত মিছাইল মেন (Missile Man of India) খ্যাত ড৹ এ পি জে আব্দুল কালামে শ্বিলঙত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত বক্তৃতা দি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । অৱশ্যে ভাৰতীয়সকলৰ হৃদয়ত এতিয়াও জীৱিত হৈ আছে মিছাইল মেন খ্যাত ড৹ এ পি জে আব্দুল কালাম ।

লগতে পঢ়ক :ড৹ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

Last Updated : Jul 27, 2021, 7:31 PM IST

ABOUT THE AUTHOR

...view details