নেশ্যনেল ডেস্ক, 2 জানুৱাৰী : দিল্লীৰ সুৰা কেলেংকাৰীৰ তদন্ত কৰি থকা প্ৰৱৰ্তক সঞ্চালকালয়ৰ ৰাডাৰত আছে আম আদমী পাৰ্টীৰ আহ্বায়ক তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । তৃতীয়বাৰৰ বাবে তেওঁলৈ চমন জাৰি কৰি বুধবাৰে সোধাপোছা কৰিবৰ বাবে তেওঁলৈ ফোন কৰিছে সংস্থাটোৱে । কিন্তু মঙলবাৰলৈকে সন্দেহৰ আৱৰ্তত যে তেওঁ সোধাপোছাৰ বাবে যাব নে নাযায় !
দলৰ সূত্ৰ অনুসৰি, তৃতীয়বাৰৰ বাবেও কেজৰিৱালে চমনৰ পৰিৱৰ্তে আইনীভাবে তেওঁৰ উত্তৰ প্ৰেৰণ কৰিব । মুখ্যমন্ত্ৰী ইডিৰ কাৰ্যালয়ত প্ৰশ্নৰ বাবে উপস্থিত হ’ব নে নাই ? এই সন্দৰ্ভত আম আদমী পাৰ্টীৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰক যেতিয়া প্ৰশ্ন সোধা হৈছিল, মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে স্পষ্ট উত্তৰ দিয়া নাছিল । তেওঁ কৈছিল যে দলটোৱে আইনত বিশ্বাস কৰে আৰু সেই অনুসৰি ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব ।
চমন সন্দৰ্ভত আপে প্ৰশ্ন উত্থাপন কৰিছে : ইডিয়ে একেৰাহে তিনিবাৰকৈ চমন প্ৰেৰণ কৰি ৩ জানুৱাৰী বুধবাৰে তেওঁক সোধাপোছাৰ বাবে মুখ্য কাৰ্যালয়লৈ মাতিছে । তৃতীয়টো চমনতেতিয়া প্ৰেৰণ কৰা হৈছিল যেতিয়া মুখ্যমন্ত্ৰী বিপাসনাৰ বাবে পঞ্জাৱলৈ গৈছিল । ইডিয়ে প্ৰেৰণ কৰা তৃতীয় চমনত মন্ত্ৰী সৌৰভ ভৰদ্বাজে কৈছিল যে, এই সকলোবোৰ ৰাজনৈতিক ষড়যন্ত্ৰ । কাৰণ দ্বিতীয় চমনৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ বিপাসনাৰ বাবে গৈ আছে ৷ এনে পৰিস্থিতিত, তেওঁৰ অনুপস্থিতিত চমন প্ৰেৰণ কৰাৰ অৰ্থ কি ?