নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: ত্ৰিপুৰাত ক'ভিডৰ ডাবল মিউটেণ্টৰ ষ্ট্ৰেইন ধৰা পৰাৰ পিছতে সংক্ৰমণ ৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগ । ৰাজ্যখনত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইনো ধৰা পৰিছে । শুক্ৰবাৰে সন্ধিয়া জ্যেষ্ঠ ভাইৰ'ল'জিষ্ট ডাঃ তপন মজুমদাৰে এই কথা নিশ্চিত কৰে ।
আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি মজুমদাৰে কয় যে, বৰ্তমানলৈকে ত্ৰিপুৰাত ব্ৰাজিলৰ ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত লোক চিনাক্ত হোৱা নাই । নেশ্যনেল ইনষ্টিটিউট অৱ বায়'মেডিকেল জেনমিক, কল্যাণীলৈ প্ৰেৰণ কৰা ১৯টা নমুনাৰ ভিতৰত মুঠ ১১টা নমুনাতে ডাবল মিউটেণ্টৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰে এজন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
ইয়াৰ উপৰিও, পাঁচটা নমুনাত ইংলেণ্ডৰ ষ্ট্ৰেইন আৰু এটা নমুনাত দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইনো ধৰা পৰিছে । উল্লেখ্য যে, মহাৰাষ্ট্ৰত মহামাৰীত আক্ৰান্ত হোৱা লোকৰ প্ৰায় ৭০ শতাংশই এই ডাবল মিউটেন্টৰ দ্বাৰা সংক্ৰমিত । দিল্লীত ইংলেণ্ডৰ ষ্ট্ৰেইন প্ৰভাৱ অধিক দেখা পোৱা গৈছে আৰু পঞ্জাৱত দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইনৰ দ্বাৰা অধিক লোক আক্ৰান্ত হৈছে ডাঃ তপন মজুমদাৰে জানিবলৈ দিয়ে । তেওঁ কয় যে, এই ষ্ট্ৰেইনবোৰ অতি বিপদজনক ।