অসম

assam

ETV Bharat / bharat

ভক্তৰ বাবে মুকলি শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ - ক'ভিডৰ বৰ্ধিত সংক্ৰমণ

সোমবাৰে ভক্তসকলৰ বাবে মুকলি কৰা হ'ল শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ ৷ বিগত বছৰৰ দৰে এইবাৰো ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, মাত্ৰ 20 জন ভক্তক ৰুদ্ৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছে ।

doors of tungnath and rudranath will open on monday
ভক্তসকলৰ বাবে মুকলি কৰা হ'ল শক্তিপীঠ কেদাৰনাথ

By

Published : May 17, 2021, 10:29 AM IST

নেশ্যনেল ডেস্ক,17 মে': সোমবাৰে ভক্তৰ বাবে পুনৰ দুৱাৰ মুকলি কৰা হ’ল শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ ৷ কৰ'ণা সংক্ৰমণৰ বাবে ভক্তৰ বাবে বন্ধ কৰি ৰখা শক্তিপীঠ দুখন পুনৰ খোলাৰ সিদ্ধান্ত লয় মন্দিৰ পৰিচালনা কমিটিয়ে ৷ মূল দুৱাৰৰ লগতে তিনিটাকৈ শিৱলিংগত পূজা-অৰ্চনা কৰাৰ বাবে মন্দিৰ দুটা মুকলি কৰি দিয়া বুলি মন্তব্য কৰে মন্দিৰ কৰ্তৃপক্ষই ৷ ইয়াৰোপৰি ব্ৰহ্মমুহুৰ্তত কেদাৰনাথ ধামো মুকলি কৰা হয় ৷

ভক্তৰ বাবে মুকলি শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ

কি নিয়মেৰে খোলা হ'ব তুংগনাথ ধাম...

দেওবাৰে নিশা তৃতীয় কেদাৰ ভগৱানৰ তুংগনাথৰ চল বিগ্ৰহ উৎসৱ অনুষ্ঠিত কৰাৰ পাচতে দোলীসহ সোমবাৰে ৰাতিপুৱা চোপ্তাৰ পৰা কেদাৰ ভগৱানক তুংগনাথ ধামলৈ অনা হ'ব । তাৰপাচতে ধামৰ মূল দুৱাৰ খোলা হ'ব ৷

ভক্তৰ বাবে মুকলি শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ

ইতিমধ্যে দেওবাৰে আচাৰ্যসকলে ভূতনাথ মন্দিৰত পঞ্চগ পূজনৰ অংশ হিচাপে ব্ৰহ্মবেলাত ভগৱান তুংগনাথক প্ৰাৰ্থনা কৰে আৰু নিশা ১০ বজাত ভগৱান তুংগনাথৰ চল বিগ্ৰহ উৎসৱ ডলী ধামলৈ ৰাওনা হয় ৷ ডলী পাবাগপুৰা গাঁৱত উপস্থিত হোৱাৰ পিছত ভক্তসকলে কৈলাশৰ বাবে ডলীক বিদায় জনায় ।

ভক্তৰ বাবে মুকলি শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ

তুংগনাথৰ ঐশ্বৰিক স্থান য'ত শিৱ আৰু ৰাম বাস কৰে...

তুংগনাথ হৈছে এক ঐশ্বৰিক স্থান য'ত শিৱ আৰু ৰাম দুয়োৰে অনুগ্ৰহত বৰষুণ হয় । দেৱাদিদেৱ মহাদেৱৰ অন্যতম পঞ্চ কেদাৰ তুংগনাথে আন কেদাৰৰ তুলনাত বিশেষ গুৰুত্ব পাই আহিছে ৷ কিয়নো ইয়াত ৰামচন্দ্ৰই তেওঁৰ জীৱনৰ কেইটামান মুহুৰ্ত অতিবাহিত কৰিছিল ।

পাণ্ডৱসকলে তুংগনাথ মন্দিৰ নিৰ্মাণ কৰিছিল...

পাণ্ডৱসকলে তুংগনাথ মন্দিৰ স্থাপন কৰিছিল বুলি কোৱা হয় । এই মন্দিৰটো পঞ্চকেদাৰৰ মাজত সৰ্বোচ্চ শৃংগত আছে । তুংগনাথৰ শীৰ্ষত তিনিটা সোঁতৰ উৎস আছে ৷ যাৰ পৰা অক্ষকামিনী নদী বৈছে । এই মন্দিৰটো ৰুদ্ৰপ্ৰয়াগ জিলাৰ চোপ্তাৰ পৰা তিনি কিল’মিটাৰ দূৰৈত অৱস্থিত ৷

ভক্তৰ বাবে মুকলি শক্তিপীঠ ৰুদ্ৰনাথ-তুংগনাথৰ দ্বাৰ

ব্ৰহ্মমুহুৰ্তত খোলা হ'ল শক্তিপীঠ কেদাৰনাথ...

সোমবাৰে কেদাৰনাথ, তুংগনাথৰ লগতে ৰুদ্ৰনাথ ভক্তৰ বাবে মুকলি কৰা হ'ল । বিগত বছৰৰ দৰে ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ 20 জন ভক্তক ৰুদ্ৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছে । উল্লেখ্য যে, ভক্তসকলে ৰুদ্ৰনাথ মন্দিৰলৈ প্ৰায় 24 কিল’মিটাৰ পথ খোজকাঢ়ি ভ্ৰমণ কৰে । সেইসময়ত ভক্তসকলে পুং, লভিথি, পানাৰ আৰু পিত্ৰাধাৰৰ দৰে মনোৰম ঠাইৰ মাজেৰে গৈ ৰুদ্ৰনাথ মন্দিৰত উপস্থিত হয় ।

ইয়াত ভগৱান শিৱৰ দৰ্শন হয়...

ৰুদ্ৰনাথ পঞ্চ কেদাৰৰ ভিতৰত অন্যতম । পঞ্চকেদাৰ মানে হৈছে শিৱ মন্দিৰৰ পাঁচটা সামূহিক নাম । এই মন্দিৰসমূহ উত্তৰাখণ্ডত অৱস্থিত । লোক বিশ্বাস অনুসৰি এই কেদাৰসমূহ পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল । ৰুদ্ৰনাথ ধাম উত্তৰাখণ্ডৰ চামোলি জিলাৰ সাগৰপৃষ্ঠৰ পৰা 11,808 মিটাৰ উচ্চতাত অৱস্থিত । য'ত ভগৱান শিৱৰ মুখৰ দৰ্শন আছে ৷

বিশ্বাসৰ ওপৰত কৰ'ণাৰ ছাঁ...

উল্লেখ্য যে,কৰ'ণা সংক্ৰমণৰ বাবে কেদাৰনাথৰ চাৰধাম যাত্ৰা পিছুৱাই দিয়া হৈছে। যাৰ বাবে ভক্তসকলক বাবা কেদাৰৰ এই মন্দিৰসমূহ দৰ্শন কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ বৰ্তমানেও কেৱল সীমিত সংখ্যক ভক্তকহে মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছে ৷

লগতে পঢ়ক:১৫ জুন পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰত ভক্তৰ প্ৰৱেশত বাধা

ABOUT THE AUTHOR

...view details