নেশ্যনেল ডেস্ক, ২৪ আগষ্ট :কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত থকাৰ মাজতে তৃতীয় ঢৌ (Third wave) অহাৰ সাৱধানবাণী জাৰি কৰিছে বিশেষজ্ঞসকলে । লগে লগে দেশৰ ভিন্ন প্ৰান্তত চৰকাৰ তথা প্ৰশাসন ব্যৱস্থা সষ্টম হৈ পৰিছে । সকলো লোককে প্ৰতিষেধক (Vaccine) প্ৰদান কৰাতো নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
ইয়াৰ মাজতে স্বচ্ছতাৰ ক্ষেত্ৰত ৪ বাৰকৈ শ্ৰেষ্ঠ চহৰ হিচাপে পৰিগণিত হোৱা মধ্যপ্ৰদেশৰ ইন্দোৰত বিশেষ পদক্ষেপ লোৱা হৈছে । ক্লীন চিটি ইন্দোৰত (Clean city Indore) প্ৰতিষেধক গ্ৰহণ নকৰা লোক, ল'বলৈ অস্বীকাৰ কৰা আৰু বিভিন্ন কাৰণত প্ৰতিষেধক লোৱাৰ পৰা বঞ্চিত লোকসকলৰ অনুসন্ধানৰ ব্যৱস্থা কৰা হৈছে ।
যিসকলে প্ৰতিষেধক লোৱাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ বাবে ২৫-২৬ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে মেগা টীকাকৰণ অভিযানৰ (mega vaccination camp) আয়োজন কৰিছে প্ৰশাসনে । কৰ'ণাৰ তৃতীয় ঢৌৰ আগমনৰ পূৰ্বে চহৰখনৰ ১০০ শতাংশ লোকক টীকাকৰণ কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ।
কৰ'ণাৰ তৃতীয় ঢৌ প্ৰতিৰোধৰ ব্যৱস্থা :
ইন্দোৰত কৰ'ণা প্ৰতিৰোধৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । ছেপ্তেম্বৰৰ প্ৰাৰম্ভিক পৰ্যায়ত কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ আশংকা কৰা হৈছে । জিলাখনৰ ৯৫ শতাংশ লোকক এতিয়ালৈকে টীকাকৰণ কৰা হৈছে যদিও পাঁচ শতাংশ লোক প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে ।
বহু সংখ্যক লোকে এতিয়াও প্ৰতিষেধকৰ দ্বিতীয় পালি লাভ কৰা নাই । ইফালে গৰ্ভৱতী মহিলাকো টীকাকৰণৰ অনুমতি দিয়া হৈছে । এইবোৰ কাৰণতে ২৫-২৬ আগষ্টত সমগ্ৰ জিলাখনত টীকাকৰণৰ মেগা অভিযানৰ আয়োজন কৰা হৈছে ।
মহিলাসকলৰ বাবে পিংক প্ৰতিষেধক কেন্দ্ৰ :
ইন্দোৰ জিলাখনে বৰ্তমানলৈ এই অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১.১০ লাখ প্ৰতিষেধক লাভ কৰিছে । ইন্দোৰৰ উপায়ুক্ত মনীষ সিঙৰ মতে টীকাকৰণৰ বাবে বাকী থকা লোকসকলৰ অধিকাংশই হৈছে গৰ্ভৱতী মহিলা, যিসকলে প্ৰতিষেধকৰ প্ৰথম পালিও গ্ৰহণ কৰা নাই । সেয়েহে মহিলাসকলৰ বাবে জিলাখনৰ গ্ৰামাঞ্চলত এক বিশেষ কেন্দ্ৰ স্থাপন কৰা হৈছে । যাক পিংক প্ৰতিষেধক কেন্দ্ৰ (Pink vaccination center) নাম দিয়া হৈছে ।
প্ৰতিষেধক লোৱা ৮০ শতাংশ লোকে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হোৱা নাই :
আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ'ণাৰ তৃতীয় ঢৌৰ মাজতে কৰা এক অধ্যয়ন চলোৱা হৈছে য'ত পোহৰলৈ আহিছে যে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা লোকসকলৰ ৪০ শতাংশই সংক্ৰমিত হৈ চিকিৎসালয়ত ভৰ্তি হ'ব লগা হোৱা নাই । আনহাতে দুয়োটা পালি গ্ৰহণ কৰা সকলৰ ভিতৰত ৮০ শতাংশ লোকে চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈয়ে সুস্থ হৈছে । সেয়েহে প্ৰতিষেধক কৰ'ণা প্ৰতিৰোধৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপায় বুলি গণ্য কৰা হৈছে ।
কৰ'ণাৰ পৰা পৰিত্ৰাণৰ বাবে সকলোকে টীকাকৰণৰ ব্যৱস্থা :
ঘন জনবসতিপূৰ্ণ ইন্দোৰত একাংশ লোকে বিভিন্ন কাৰণত প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে ঘৰে ঘৰে গৈ প্ৰতিষেধকৰ অনুসন্ধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইন্দোৰত । এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিষেধক গ্ৰহণ নকৰাসকলক সোনকালে চিনাক্ত কৰিব পৰা যাব । ইতিমধ্যে সংকট ব্যৱস্থাপনা কমিটিক (Crisis Management Committee) ইয়াৰ দায়িত্ব দিয়া হৈছে । জিলাখনত সম্পূৰ্ণ নিৰীক্ষণৰ পাছতে বৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী (Vaccination Mega Campaign) ৰূপায়ণ কৰা হ'ব ।
লগতে পঢ়ক :1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ