নেশ্যনেল ডেস্ক,১৭ জুলাই :ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী । ইতিমধ্যে এন ডি এ সমৰ্থিত আৰু কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । একাংশ নেতা এতিয়াও বাকযুদ্ধত ব্যস্থ হৈয়ে আছে । এইবাৰ বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী যশোৱন্ত সিনহা আৰু এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াইছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে ।
দুয়োগৰাকী প্ৰাৰ্থীক তুলনা কৰি তেজস্বী যাদৱে কয় যে ৰাষ্ট্ৰপতি ভৱনত কোনো প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা নহয় । দ্ৰৌপদী মুৰ্মক একপ্ৰকাৰ প্ৰতিমূৰ্তিৰ লগত তুলনা কৰি তেজস্বী যাদৱে কয় যে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনত কোনো প্ৰতিমূৰ্তি নিবিচাৰে (Tejashwi Yadav slams Droupadi Murmu)। ৰাইজক উদ্দেশ্যি তেজস্বী যাদৱে কয় যে ৰাইজে নিশ্চয় যশোৱন্ত সিনহাৰ কণ্ঠস্বৰ শুনিছে কিন্তু তেওঁলোকে কেতিয়াও শাসকীয় দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মাত শুনা নাই ।
সংবাদ মাধ্যমক উদ্দেশ্যি তেজস্বী যাদৱে প্ৰশ্ন কৰে যে সংবাদ মাধ্যমেও হয়তো মুৰ্মুৰ মাত শুনা নাই । আনকি প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা মুৰ্মুৱে এখনো সংবাদমেল সম্বোধন কৰা নাই । ১৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনা আৰ জে ডি নেতাগৰাকীয়ে এই মন্তব্য কৰে ।
উল্লেখ্য যে আৰজেডিয়ে ইতিমধ্যে বিৰোধী দলৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে । অৱশ্যে, তেওঁলোকৰ সহযোগী ঝাৰখণ্ড মুক্তি মৰ্চাই (JMM) মুৰ্মুক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । যাক লৈ সম্প্ৰতি বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।