নেশ্যনেল ডেস্ক, 15 আগষ্ট: পুনেত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু তেওঁৰ খুৰাক শাৰদ পাৱাৰৰ মাজত হোৱা এক ‘গোপন বৈঠক’ৰ পিচত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে ৷ দুয়োৰে গোপন বৈঠকক লৈ বিভিন্ন চৰ্চা চলাৰ মাজতে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে শাৰদ পাৱাৰৰ সৈতে গোপন বৈঠকৰ কথা অস্বীকাৰ কৰিছে ৷ চৰ্চা চলিছে যে এখন গাড়ীৰ ভিতৰত গোপন বৈঠকত মিলিত হৈছে অজিত পাৱাৰ আৰু শাৰদ পাৱাৰ ৷ অজিত পাৱাৰে এই কথাক নস্যাৎ কৰি কয়, ‘‘মই সেই গাড়ীখনত নাছিলো, সেই গাড়ীখনো মোৰো নহয় ৷’’
তেওঁ আৰু কয়, ‘‘মচলাযুক্ত কাহিনী এটা প্ৰস্তুত কৰিব নালাগে । শাৰদ পাৱাৰ আমাৰ পৰিয়ালৰ মুৰব্বী । এই সভাক ৰাজনৈতিক ৰং নিদিব, মই একোৱেই লুকোৱা নাই ?’’ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰা এখন এক ঘণ্টাজোৰা বৈঠক পুনেৰ কোৰেগাঁও পাৰ্কত ব্যৱসায়ী অতুল কাৰ্ডিয়াৰ বাংলোত অনুষ্ঠিত হৈছিল ৷’’
এই সন্দৰ্ভত তেওঁ কয় যে কাৰ্ডিয়া আৰু আমাৰ দুটা প্ৰজন্মৰ সম্পৰ্ক আছে ৷ কাৰ্ডিয়াই শাৰদ পাৱাৰক নৈশ আহাৰৰ বাবে আমন্ত্ৰণ জনাইছিল । মই সেই গাড়ীখনত নাছিলো । জয়ন্ত পাটিলো শাৰদ পাৱাৰৰ সৈতে উপস্থিত আছিল ৷