অসম

assam

ETV Bharat / bharat

দেশৰ বাবে দান; কংগ্ৰেছৰ পুঁজি সংগ্ৰহ অভিযানৰ আৰম্ভণি মল্লিকাৰ্জুন খাৰ্গেৰ - Congress President Mallikarjun Kharge

congress Donate for Desh : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দলৰ বাবে 'দেশৰ বাবে দান' অভিযান আৰম্ভ কৰিছে । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত খাৰ্গেই কয় যে দলটোৱে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ পৰা অনুদান বিচাৰিছে । সেয়া কংগ্ৰেছৰ বাবে নহয়, ৰাষ্ট্ৰৰ বাবে ।

congress launches crowdfunding campaign
কংগ্ৰেছৰ পুঁজি সংগ্ৰহ অভিযানৰ আৰম্ভণি মল্লিকাৰ্জুন খাৰ্গেৰ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:17 PM IST

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : এইবাৰ ৰাইজৰ পৰা বৰঙণি বিচাৰিছে কংগ্ৰেছে । ইয়াৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে দলটোৰ অনলাইন ক্ৰাউডফাণ্ডিং (জনপুঁজি) প্ৰচাৰ অভিযান 'দেশৰ বাবে দান' আৰম্ভ কৰে ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত খাৰ্গেই নিজেই অনলাইন পুঁজি প্ৰচাৰৰ বাবে ১.৩৮ লাখ টকা দান কৰে । "এই 'দেশৰ বাবে দান' অভিযান হৈছে উপেক্ষিত সম্প্ৰদায়সমূহৰ অধিকাৰ বজাই ৰখা, অসমতা দূৰ কৰা আৰু পুঁজিবাদত নিৰ্বাচিত কেইজনমানৰ পক্ষত থকা আধিপত্যবাদী চৰকাৰৰ এক শক্তিশালী বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি ।" কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় ।

নতুন দিল্লীৰ ১০ ৰাজাজী মাৰ্গৰ খাৰ্গেৰ বাসগৃহত প্ৰচাৰ অভিযানৰ শুভাৰম্ভণিৰ সময়ত কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকেন, দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল, জয়ৰাম ৰমেশ আৰু আন কেইবাজনো নেতা উপস্থিত থাকে ।

"আমাৰ উদ্বোধনী প্ৰচাৰ 'সুন্দৰ ভাৰতৰ বাবে দান কৰক', ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৮ বছৰীয়া যাত্ৰাক স্মৰণ কৰে । আমাৰ ইতিহাসক স্মৰণ কৰি আমি সমৰ্থকসকলক ১৩৮ টকা বা ১৩৮০ টকা বা ১৩,৮০০ টকা বা ততোধিক দান কৰিবলৈ আমন্ত্ৰণ জনাইছো । ই হৈছে এক উন্নত ভাৰতৰ প্ৰতি দলটোৰ স্থায়ী প্ৰতিশ্ৰুতিৰ প্ৰতীক ।" মাকেনে কয় ।

তেওঁ লগতে কয় যে এই অনলাইন ক্ৰাউডফাণ্ডিঙৰ বাবে দুটা ব্যৱস্থা হাতত লোৱা হৈছে । এটা হৈছে অনলাইন পৰ্টেলৰ জৰিয়তে : donateinc.in আৰু দ্বিতীয়টো ভাৰতীয় জাতীয় কংগ্ৰেছৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে : www.inc.in ।

"আমি আমাৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয়ৰ বিষয়াসকল, আমাৰ নিৰ্বাচিত প্ৰতিনিধি, ডিচিচি সভাপতি, পিচিচি সভাপতি আৰু এআইচিচিৰ কাৰ্যালয়ৰ বিষয়াসকলক অনলাইন ক্ৰাউডফাণ্ডিং অভিযানত অৰিহণা যোগাবলৈ উৎসাহিত কৰিব বিচাৰিছোঁ ।" কংগ্ৰেছ কোষাধ্যক্ষজনে লগতে কয় ।

আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়, "ৰাজ্যিক সভাপতিসকলক ১,৩৮০ টকা বা ১৩,৮০০ টকাৰ বৰঙণিৰ লক্ষ্যৰে শুভাকাংক্ষী আৰু কৰ্মকৰ্তাসকলৰ মাজত সম্ভাৱ্য দাতা চিনাক্ত কৰিবলৈ কোৱা হৈছে ।"

উল্লেখ্য যে কংগ্ৰেছৰ 'দেশৰ বাবে দান' প্ৰচেষ্টা এনে এটা সময়ত আহিছে, যিটো দলটোৰ পুঁজি শেষ হৈ গৈছে আৰু ২০২৪ চনৰ এপ্ৰিল আৰু মে' মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে পুঁজিৰ প্ৰয়োজনীয়তা আহি পৰিছে । কংগ্ৰেছে লগতে প্ৰকাশ কৰিছে যে এই কাৰ্যসূচীটো মহাত্মা গান্ধীৰ 'তিলক স্বৰাজ পুঁজি'ৰ দ্বাৰা অসহযোগ আন্দোলনৰ বাবে যি পুঁজি সংগ্ৰহ কৰা হৈছিল, তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষীক নিষ্ক্ৰিয় কৰাৰ অভিযোগ কেৰালাৰ ৰাজ্যপালৰ

ABOUT THE AUTHOR

...view details