নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: শনিবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগত এগৰাকী মৃত মহিলাৰ বাসগৃহত অগ্নি সংযোগ কৰে স্বামীৰ পৰিয়ালে । অনন্তনাগ জিলাৰ মুমিনাবাদত সংঘটিত হয় এই ঘটনা । নাফিছা নামৰ এগৰাকী ৩০ বছৰীয়া মহিলাই স্বামীগৃহতে আত্মহত্যা কৰিছিল ।
আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰাৰ পিছতে শহুৰেকৰ পৰিয়ালে মহিলাগৰাকীৰ ঘৰটো জ্বলাই দিয়ে । মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে অভিযোগ উত্থাপন কৰিছে যে, স্বামীৰ পৰিয়ালে তেওঁক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল । এই সন্দৰ্ভত তেওঁলোকে এখন এজাহাৰ দাখিল কৰিছে ।