অসম

assam

ETV Bharat / bharat

এপ্ৰিল মাহত দেশত বিমান যাত্ৰা কৰা লোকৰ সংখ্যা 63.3 শতাংশ হ্ৰাস - ইণ্ডিগ’ এয়াৰলাইন্স

ডিজিচিএ (DGCA) য়ে প্ৰকাশ কৰা প্ৰতিবেদনত দেখা গৈছে যে বেচৰকাৰী এয়াৰলাইন্স স্পাইচ জেটত মে’ মাহত সৰ্বাধিক 64.0 শতাংশ লোকে যাতায়ত কৰে ৷

এপ্ৰিল মাহত দেশৰ ভিতৰত যাত্ৰা কৰা লোকৰ সংখ্যা 63.3 শতাংশ হ্ৰাস
এপ্ৰিল মাহত দেশৰ ভিতৰত যাত্ৰা কৰা লোকৰ সংখ্যা 63.3 শতাংশ হ্ৰাস

By

Published : Jun 17, 2021, 11:06 PM IST

নিউজ ডেস্ক, 17 জুন :ক’ভিড 19 ৰ দ্বিতীয় ঢৌ বৃদ্ধিৰ ফলত ৰাজ্যজুৰি এয়াৰলাইন্সৰ যাত্ৰীৰ ভাড়া বৃদ্ধি পোৱা ফলত এপ্ৰিল মাহত দেশৰ ভিতৰত যাত্ৰা কৰা লোকৰ সংখ্যা 63.3 শতাংশ হ্ৰাস পাইছে ৷ দেশৰ ভিতৰত যাত্ৰা কৰা লোক সংখ্যা 57 লাখৰ পৰা 21 লাখলৈ হ্ৰাস পাইছে ৷ বৃহস্পতিবাৰে ডিজিচিএ (DGCA) য়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ ডিজিচিএ (DGCA) য়ে প্ৰকাশ কৰা প্ৰতিবেদনত দেখা গৈছে যে বেচৰকাৰী এয়াৰলাইন্স স্পাইচ জেটত মে’ মাহত সৰ্বাধিক 64.0 শতাংশ লোকে যাতায়ত কৰে ৷ গো ফাৰ্ষ্টত 64.0 শতাংশ, ইণ্ডিগ’তে 51.2 শতাংশ আৰু এয়াৰ এছিয়াত 44.4 শতাংশ যাত্ৰীয়ে যাতায়ত কৰিছিল । আনহাতে মে’ মাহত, নির্ধাৰিত অভ্যন্তৰীণ বিমান সংস্থা মুঠ 338 জন যাত্ৰী সন্দৰ্ভত অভিযোগ পোৱা হৈছিল ৷

ডিজিচিএ প্ৰকাশ কৰা তথ্য অনুসৰি অভিযোগৰ প্ৰধান কাৰণ আছিল ধনৰাশি পুনৰ ঘূৰাই দিয়া সম্পৰ্কীয় । এয়াৰলাইন্সে লাভ কৰা 338 টা অভিযোগৰ 183 টা অভিযোগ সমাধান কৰা হৈছে । তদুপৰি এই সময়ছোৱাত ইণ্ডিগ’ এয়াৰলাইন্সৰ ব্যৱসায় আন এয়াৰলাইন্সতকে উন্নত আছিল ৷ ইণ্ডিগ’ৱে শ্বেয়াৰ বজাৰত সৰ্বাধিক 55.3 শতাংশ আছিল ৷ আনহাতে, এপ্ৰিলত ইণ্ডিগ’ৱে 53.9 শতাংশ ব্যৱসায় কৰিছিল ৷

লগতে পঢ়ক :ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details