নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেনৰ অভাৱত দেশৰ ভিন্ন প্ৰান্তত কৰ'ণা আক্ৰান্তই হাহাকাৰ কৰিবলগীয়া হৈছে । ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ বহু কৰুণ ঘটনাই সংবাদ শীৰ্ষ দখল কৰিছে । এইবাৰ বেংগালুৰুৰ ৰাজপথত পৰিলক্ষিত হৈছে এক পুতৌলগা দৃশ্য । চিকিৎসালয়ত ঠাই নোপোৱা ৰোগীক ৰাজপথতে চিকিৎসা সেৱা আগবঢ়াৱলগীয়া হৈছে চিকিৎসকে ।
৭৬ বছৰীয়া এজন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ পিচতে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে । কিন্তু সেই সময়ত চিকিৎসালয়ত অতিৰিক্ত বিচনা নাছিল । সেয়ে, চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীজনক চিকিৎসালয়ত ভৰ্তি কৰিব নোৱাৰিলে । ইফালে, ৰোগীজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰি অসহায় হৈ পৰে পৰিয়ালটো ।