নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ:দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ নতুন মোৰ (Shraddha Walker Murder Case)৷ শ্ৰদ্ধাক হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰাৰ পিছতেই সোঁহাতত আঘাতপ্ৰাপ্ত হোৱা আফতাবে চিকিৎসকৰ কাষ চাপিছিল (Accused came to the hospital for treatment)৷৷ দিল্লীৰ ছত্ৰপুৰ অঞ্চলৰ এপেক্স হাস্পতালৰ এজন চিকিৎসকে ইটিভি ভাৰতক জনাই এই কথা (Delhi crime news)৷
চিকিৎসক অনিল কুমাৰে কোৱা অনুসৰি আফতাবে মে’ মাহত হাতত গুৰুতৰ আঘাত লৈ তেওঁৰ ওচৰলৈ আহিছিল ৷ আঘাত ইমান গভীৰ নাছিল যদিও হাঁতৰ তলুৱাত সামান্য কটা চিন পৰিলক্ষিত হৈছিল ৷ যেতিয়া মই তেওঁক হাতত কেনেকৈ আঘাত পালে সুধিলো, তেতিয়া তেওঁ মোক ফল কাটি থাকোঁতে হাতত ছুৰীৰে কাটিলে বুলি উল্লেখ কৰে(Girl murdered in Delhi)৷ তেওঁৰ হাতৰ জখমটো দেখি আৰু তেওঁৰ লগত হোৱা মোৰ কথা-বতৰাত মই কোনো সন্দেহ কৰিবলগীয়া কাৰণ বিচাৰি পোৱা নাছিলো ৷
অৱশ্যে তেওঁৰ মুখত সামান্য অস্থিৰতা দেখা পোৱা গৈছিল ৷ মোৰ লগত তেওঁ ইংৰাজীতে সলসলীয়াকৈ কথা পাতিছিল ৷ তেওঁৰ কথাত কোনো ধৰণৰ খোকোজা লগা নাছিল ৷ তেওঁ মুম্বাইৰ পৰা আহি দিল্লীৰ এটা তথ্য প্ৰযুক্তি খণ্ডত চাকৰি লাভ কৰাৰ বাবে দিল্লীলৈ অহা বুলি মোৰ আগত উল্লেখ কৰিছিল ৷
উল্লেখ্য যে যোৱা 18 মে’ত শ্ৰদ্ধা ৱাকাৰ নামৰ এগৰাকী যুৱতীক প্ৰেমিকে হত্যা কৰাৰ পিছত মৃতদেহটো 35 টুকুৰা কৰি কাটি ফ্ৰীজত সোমোৱাই ৰখাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছিল ৷ বিয়াৰ বাবে প্ৰেমিকক হেঁচা প্ৰয়োগ কৰাৰ কাৰণে প্ৰেমিকা শ্ৰদ্ধাক প্ৰেমিক আফতাবে টুকুৰা টুকুৰকৈ কাটি পেলাইছিল ৷ প্ৰেমিকাক কাটি সেই টুকুৰাবোৰ থবলৈ আফতাবে এটা নতুন 300 লিটাৰৰ এটা ফ্ৰীজ ক্ৰয় কৰিছিল বুলিও জানিব পৰা গৈছিল ৷ প্ৰতিদিনে নিশা 2 বজাত অলপ অলপ পৰিমানকৈ সেই টুকুৰাসমূহ পেলাবলৈ গৈছিল আফতাবে ৷