নেশ্যনেল ডেস্ক, 11 জুলাই:মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Shocking incident in Maharashtra) ৷ তৰাবাই পাৰ্কৰ বাসিন্দা এগৰাকী মহিলা চিকিৎসকে বেজী লৈ কৰে আত্মহত্যা ( Doctor committed suicide by taking an injection) ৷ আত্মহত্যা কৰা চিকিৎসকগৰাকীৰ নাম ডাঃ অপূৰ্ব প্ৰবীণ চন্দ্ৰ হেন্দ্ৰে ( ৩০ )।
দেওবাৰে চিকিৎসক গৰাকীৰ মৃতদেহটোৰ হাতত এটা বেজী লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে ডাঃ অপূৰ্ব হেন্দ্ৰেই কি বেজী লৈ আত্মহত্যা কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ শনিবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ থকাত ঘৰত হুৱাদুৱা লগাত আৰক্ষীক খবৰ দিয়া হয় ৷
তাৰ পিছত আৰক্ষীয়ে অনুসন্ধান কৰি ডি মাৰ্টৰ কাষৰ ফুটপাথ পৰা উদ্ধাৰ কৰে চিকিৎসকগৰাকীৰ মৃতদেহটো ৷ কলহাপুৰ জিলা চিকিৎসা সন্থাৰ (Kolhapur District Medical Association) প্ৰাক্তন সভানেত্ৰী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰবীণ চন্দ্ৰ হেন্দ্ৰেৰ কন্যা আছিল ডাঃ অপূৰ্ব হেন্দ্ৰে ৷ কলহাপুৰৰ এখন হাস্পতালত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল ডাঃ অপূৰ্ব হেন্দ্ৰে (Practicing in a hospital in Kolhapur) ৷