অসম

assam

Hot Water: ওজন কমাবলৈ আপুনিও গৰম পানী খায় নেকি ? তেন্তে জানি লওক অত্যধিক গৰম পানী সেৱনৰ লোকচান

By

Published : May 4, 2023, 9:37 PM IST

কুহুমীয়া পানী খালে ওজন কমোৱাত সহায় কৰে, কিন্তু যদি আপুনি অত্যধিক গৰম পানী খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে ।

Do you also drink hot water for weight loss So know the disadvantages of excessive hot intake
ওজন কমাবলৈ আপুনিও গৰম পানী খায় নেকি ? তেন্তে জানি লওক অত্যধিক গৰম পানী সেৱনৰ লোকচান

ওজন কমাবলৈ চেষ্টা কৰি থকা লোকসকলক প্ৰায়ে কুহুমীয়া পানী খাবলৈ পৰামৰ্শ দিয়া হয়, শীতকালত কুহুমীয়া পানী খোৱাটো বহুতৰে বাবে বাধ্যবাধকতা হৈ পৰে কাৰণ ই ডিঙিত সকাহ দিয়ে আৰু শৰীৰক গৰম কৰি ৰখাত সহায় কৰে, কিন্তু কিছুমান লোকে এই কাৰণতে কোনো সাৱধানতা অৱলম্বন নকৰাকৈয়ে আৰু অধিক গৰম পানী খাবলৈ আৰম্ভ কৰে । সেয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক বেছি গৰম পানী কৰিলে আপোনাৰ কেনেধৰণৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে (Hot Water Side Effects) ৷

বেছিকৈ গৰম পানী খোৱাৰ অপকাৰিতা

১/ টোপনিৰ সমস্যা

ৰাতি শুবলৈ যোৱাৰ সময়ত ভুলতেও গৰম পানী খাব নালাগে কাৰণ ইয়াৰ ফলত ভাল টোপনি অহাত সমস্যাৰ সৃষ্টি হ’ব পাৰে কাৰণ ৰাতি বহুবাৰ শৌচাগাৰলৈ যাবলগীয়া হ’ব পাৰে (Side Effects Of Hot Water)। গৰম পানীয়ে ৰক্তবাহী নলীৰ কোষত চাপ পেলায় (Hot Water)।

২/ বৃক্কৰ ওপৰত প্ৰভাৱ

আমাৰ শৰীৰত বৃক্কই ফিল্টাৰৰ দৰে কাম কৰে, যিয়ে শৰীৰৰ পৰা অতিৰিক্ত পানী আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে কাৰণ বৃক্কত এটা বিশেষ কেপিলাৰী ব্যৱস্থা থাকে । যদি আপুনি বেছিকৈ গৰম হোৱা পানী খায়, তেন্তে কিডনীৰ কাৰ্যত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে (Side Effects Of Drinking Hot Water)।

৩/ ইন্টাৰনেল অংগৰ ক্ষতি

যদি আপুনি প্ৰয়োজনতকৈ অধিক পানী খায়, তেন্তে বুজিব যে আপুনি আপোনাৰ শৰীৰৰ ইন্টাৰনেল অংগসমূহৰ বহু ক্ষতি কৰে । অতিৰিক্ত গৰম পানী খালে পেটত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে । শৰীৰৰ ইন্টাৰনেল কলাবোৰ সংবেদনশীল যাৰ বাবে তাত কোনো ঘাঁ বা ফোহা হ’ব পাৰে ।

৪/ শিৰা ফুলিব পাৰে

যদি আপুনি গোটেই দিনটো গৰম পানী সেৱন কৰে, তেন্তে মগজুৰ স্নায়ু ফুলাৰ আশংকা থাকে, যাৰ বাবে মূৰৰ বিষ হয় । সেইবাবেই এই কাম কৰাৰ পৰা বিৰত থাকক (Lukewarm Water)।

৫/ তেজৰ পৰিমাণৰ ওপৰত প্ৰভাৱ

গৰম পানীয়েও আপোনাৰ তেজৰ পৰিমাণত প্ৰভাৱ পেলায় (Drinking Excessive Hot Water)। ইয়াৰ ফলত তেজৰ পৰিমাণ বৃদ্ধি পায় যাৰ ফলত ৰক্তবাহী নলীত অতিৰিক্ত চাপ পৰে, যাৰ ফলত আপুনি উচ্চ ৰক্তচাপৰ বলি হ’ব পাৰে, যিটো পিচলৈ হাৰ্ট এটেকৰ কাৰণ হৈ পৰে (Risk Of Drinking Hot Water)।

লগতে পঢ়ক:Strong Bone: কেৱল কেলচিয়ামেই নহয় এইবিধ পুষ্টিকৰ উপাদানেও মজবুত কৰিব আপোনাৰ হাড়

ABOUT THE AUTHOR

...view details