অসম

assam

MoU between DNLA and Govt: ডিএনএলএৰে চুক্তি স্বাক্ষৰৰ পিচতেই অসমত অন্ত পৰিল জনজাতীয় সশস্ত্ৰ আন্দোলনৰ

নতুন দিল্লীত অসমৰ চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিলে উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মীয়ে (MoU between DNLA and Govt) ৷ 500 কোটিকৈ পুঁজি প্ৰদান কৰিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৷

By

Published : Apr 27, 2023, 10:26 PM IST

Published : Apr 27, 2023, 10:26 PM IST

peace agreement with assam govt
শান্তি চুক্তি

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল : অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মীয়ে বৃহস্পতিবাৰে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ সৈতে এক শান্তি চুক্তিত স্বাক্ষৰ কৰে (MoU between DNLA and Govt) ৷ উগ্ৰপন্থী সংগঠনটোৱে MoU ত স্বাক্ষৰ কৰাৰ পাচতেই অমিত শ্বাহে কয় যে, অসমত আৰু এতিয়াৰে পৰা কোনো জনজাতীয় উগ্ৰপন্থী সংগঠন নাই (peace agreement) ৷ ইয়াৰ লগে লগে অসমৰ সকলো জনজাতীয় উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ অৰ্থাৎ শান্তি আলোচনালৈ ঘূৰি আহিছে বুলিও উল্লেখ কৰে শ্বাহে ।

বুজাবুজি চুক্তি অনুসৰি (MoU between DNLA and Govt) , ডিএনএলএ য়ে সকলো অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিব আৰু সংবিধান মানি চলিব । মুঠ ১৭৯ জন ডিএনএলএ কেডাৰে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ সমৰ্পণ কৰিব । ডিমাছা জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰত্যেকেই ৫০০ কোটি টকাকৈ আগবঢ়াব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই চুক্তি সন্দৰ্ভত কয় যে, উত্তৰ-পূবৰ বাবে আন এক গুৰুত্বপূৰ্ণ দিন । স্থায়ী শান্তিৰ বাবে আজি অসম চৰকাৰ আৰু ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চমুকৈ ডিএনএলএয়ে শান্তি চুক্তিত স্বাক্ষৰ কৰে । ডিএনএলএই প্ৰধানমন্ত্ৰীৰ ওপৰত আস্থা প্ৰকাশ কৰি অস্ত্ৰ-শস্ত্ৰ জমা দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়ন সুনিশ্চিত কৰিছে ।

তেওঁ লগতে কয়, বুজাবুজি চুক্তিত ডিএনএলএৰ প্ৰতিনিধিসকলে উগ্ৰপন্থা চিৰদিনৰ বাবে ত্যাগ কৰি সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জমা দি আত্মসমৰ্পণ কৰি নিজৰ সশস্ত্ৰ সংগঠন ভংগ কৰিছে ৷ ডিএনএলএৰ কেডাৰে দখল কৰি থকা সকলো শিবিৰ খালী কৰি আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হৈছে ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ সৈতে আজিৰ স্মাৰকপত্ৰত স্বাক্ষৰ হোৱাৰ লগে লগে অৱশেষত জনজাতীয় অঞ্চলত সশস্ত্ৰ আন্দোলনৰ ওৰ আহিল । বড়ো আৰু কাৰ্বি আংলং অঞ্চলৰ বিদ্ৰোহী গোট আৰু অন্যান্য আদিবাসী বিদ্ৰোহী গোটৰ সৈতে একেধৰণৰ চুক্তি হোৱাৰ পিচত এয়া আন এক সফলতা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে জনজাতীয় অঞ্চলত অসম সম্পূৰ্ণ বিদ্ৰোহৰ পৰা মুক্ত হৈছে । বৰ্তমান জনজাতীয় অঞ্চলত এটাও সশস্ত্ৰ গোট নাই ।

DNLA ২০২১ চনৰ ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ আবেদনৰ পিছত ডিএনএলএ সংগঠনে ছমাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল (Peace pact with DNLA) । চলিত মাহৰ আৰম্ভণিতে সংগঠনটোৱে একপক্ষীয় যুদ্ধবিৰতি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল (DNLA announced extension of unilateral ceasefire) ৷

বিদ্ৰোহী দলটোৱে ডিমা হাচাও জিলাত সাতখন ট্ৰাকৰ কনভয়ৰ ওপৰত গুলী চালনা কৰাৰ দুসপ্তাহ পিচত ২০২১ চনত যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷ উক্ত গুলী চালনাৰ ফলত পাঁচজন লোক নিহত হৈছিল আৰু এজন আহত হৈছিল । ডিমাছা জনজাতিৰ বাবে সাৰ্বভৌম ভূখণ্ড বিচাৰি ২০১৯ চনৰ এপ্ৰিল মাহত ডি এন এল এ প্ৰতিষ্ঠা কৰা হৈছিল (Dimasa National Liberation Army) ৷

লগতে পঢ়ক :Dantewada Naxal attack Viral video : দান্তেৱাৰাত মাওবাদী আক্ৰমণৰ ভিডিঅ' ভাইৰেল

ABOUT THE AUTHOR

...view details