অসম

assam

By

Published : Jun 29, 2023, 9:03 PM IST

ETV Bharat / bharat

Senthil Balaji dismiss: তামিলনাডুৰ মন্ত্ৰী থিৰু ভি চেন্থিল বালাজীক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত

ৰাজ্যপালৰ নিৰ্দেশত তামিলনাডু চৰকাৰৰ মন্ত্ৰী থিৰু ভি চেন্থিল বালাজীক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত ৷ কেইবাটাও অপৰাধমূলক গোচৰত ন্যায়িক জিম্মাত আছে চেন্থিল বালাজী ৷

Tamil Nadu minister Senthil Balaji dismissed from ministry
তামিলনাডুৰ মন্ত্ৰী থিৰু ভি চেন্থিল বালাজীক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত

নেশ্যনেল ডেস্ক, 29 জুন: তামিলনাডুৰ ডি এম কে (DMK) চৰকাৰৰ মন্ত্ৰী থিৰু ভি চেন্থিল বালাজী (Thiru V.Senthil Balaji) তাৎক্ষণিকভাৱে মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত ৷ ৰাজ্যপাল আৰ এন ৰবিয়ে (RN Ravi) জাৰি কৰিছে এই নিৰ্দেশনা ৷

চেন্নাই ৰাজভৱনৰ পৰা জাৰি কৰা বিবৃতিত অনুসৰি, ‘‘মন্ত্ৰী থিৰু ভি চেন্থিল বালাজী চাকৰি প্ৰদানৰ নামত উৎকোচ লোৱা, ধন সৰবৰাহ কৰা আদি কেইবাটও অপৰাধমূলক গোচৰত বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হৈ আছে ৷ এজন মন্ত্ৰী হিচাবে তেওঁ তেওঁৰ পদবীৰ অপব্যৱহাৰ কৰি তদন্ত প্ৰক্ৰিয়া প্ৰভাৱিত কৰি আহিছে আৰু আইন আৰু ন্যায়ৰ যথাযথ প্ৰক্ৰিয়াত বাধা প্ৰদান কৰি আহিছে । ’’

বিবৃতিত লগতে কোৱা হৈছে, ‘‘বৰ্তমান তেওঁ প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা তদন্ত কৰি থকা এটা অপৰাধমূলক গোচৰত ন্যায়িক জিম্মাত আছে ৷ দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনতো তেওঁৰ বিৰুদ্ধে আৰু কিছুমান অপৰাধমূলক গোচৰৰ তদন্ত আৰক্ষীয়ে কৰি আছে ৷ আশংকা কৰা হৈছে যে থিৰু ভি চেন্থিল বালাজী মন্ত্ৰী পদত থাকিল যথাযথ তদন্ত প্ৰক্ৰিয়াত বাধা আহিব পাৰে আৰু নিৰপেক্ষ তদন্ত বিঘ্নিত হ’ব পাৰে ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীত্বৰ পৰা থিৰু ভি চেন্থিল বালাজী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হৈছে ৷’’

অৱশ্যে, জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মন্ত্ৰী এজনক বৰ্খাস্ত কৰাৰ অধিকাৰ ৰাজ্যপাল এজনৰ আছে নে নাই সেই সন্দৰ্ভত এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ ৷ ইফালে, মুখ্যমন্ত্ৰী ষ্টালিনে চেন্থিল বালাজীক বৰ্খাস্ত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাজ্যপালৰ এজন মন্ত্ৰীক অপসাৰণ কৰাৰ ক্ষমতা নাই । আমি এই বিষয়টো আইনীভাৱে মোকাবিলা কৰিম বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

লগতে পঢ়ক:Opposition unity meet: সলনি হ’ল স্থান; 13-14 জুলাইত বেংগালুৰুত বিৰোধীৰ উমৈহতীয়া বৈঠক

ABOUT THE AUTHOR

...view details