অসম

assam

By

Published : May 13, 2023, 6:40 PM IST

ETV Bharat / bharat

Karnataka Election Result 2023 : ছোনিয়া গান্ধীক আশ্বাস দিছিলোঁ- আৱেগত ভাগি পৰিল ডি কে শিৱকুমাৰ

"মই মোৰ দলৰ কেডাৰ আৰু মোৰ সকলো নেতাক এই জয়ৰ কৃতিত্ব দিওঁ । তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিল । মানুহে আমাৰ ওপৰত বিশ্বাস ৰাখিছে আৰু নেতাসকলে আমাক সমৰ্থন কৰিছে । এয়া হৈছে সামূহিক নেতৃত্ব ।" বেংগালুৰুত আৱেগিক শিৱকুমাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় (emotional Shivakumar in Karnataka election result) ।

Karnataka Election Result 2023
Karnataka Election Result 2023

নিউজ ডেস্ক, ১৩ মে' : কংগ্ৰেছে কৰ্ণাটকৰ ৰাজপাটত (Karnataka election result 2023) বহিবলৈ সাজু হোৱাৰ সময়তে দলটোৰ জ্যেষ্ঠ নেতা ডি কে শিৱকুমাৰে শনিবাৰে দক্ষিণ ভাৰতৰ ৰাজ্যখনত নিজ দলৰ বিজয়ৰ বিষয়ে কোৱাৰ সময়ত আৱেগত ভাগি পৰে (emotional Shivakumar in Karnataka election result) । ৬১ বছৰীয়া শিৱকুমাৰে কয়, "মই ছোনিয়া গান্ধীক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই তেওঁক কৰ্ণাটক প্ৰদান কৰিম (congress leader Sonia Gandhi) ।"

"মই মোৰ দলৰ কেডাৰ আৰু মোৰ সকলো নেতাক ইয়াৰ বাবে কৃতিত্ব দিওঁ । তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিল । মানুহে আমাৰ ওপৰত বিশ্বাস ৰাখিছে আৰু নেতাসকলে আমাক সমৰ্থন কৰিছে । এয়া হৈছে এক সামূহিক নেতৃত্ব । মই আৰম্ভণিতে কৈছোঁ যে একেলগে চিন্তা কৰাটো হৈছে প্ৰগতি আৰু একেলগে কাম কৰাটো এটা সফলতা... মই ছোনিয়া গান্ধী (congress leader Rahul Gandhi), ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক আশ্বাস দিছিলোঁ যে মই তেওঁলোকক কৰ্ণাটক প্ৰদান কৰিম । বিজেপিয়ে মোক কাৰাগাৰত বন্দী কৰি ৰখাৰ সময়ত ছোনিয়া গান্ধীয়ে মোক কাৰাগাৰত লগ কৰিবলৈ অহাটো মই পাহৰিব নোৱাৰোঁ ।" এক আৱেগিক পৰিৱেশত ডি কে শিৱকুমাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় (congress wins Karnataka election 2023) ।

তেওঁ সিদ্দাৰামাইয়াকে ধৰি ৰাজ্যখনৰ সকলো নেতাক ধন্যবাদ জ্ঞাপন কৰে । কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ দাবীদাৰ শিৱকুমাৰে কয়, "কংগ্ৰেছৰ কাৰ্যালয় হৈছে আমাৰ মন্দিৰ । আমি কংগ্ৰেছ কাৰ্যালয়ত আমাৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰিম ।" উল্লেখ্য, কৰ্ণাটকত যেন পুনৰুজ্জীৱিত হৈছে কংগ্ৰেছ । কিয়নো ৰাজ্যখনত শত বছৰ পুৰণি দলটোৱে একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে । আনহাতে, অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিজয়ে মনোবল বৃদ্ধি কৰি বিজেপিৰ পৰা ক্ষমতা দখল কৰিবলৈ সাজু হৈছে (AICC president Mallikarjun Kharge) ।

শেহতীয়া তথ্য অনুসৰি, দলটোৱে 136 খন আসন দখল কৰে । আনহাতে, বিজেপি ৬৫ খন আসনত আৰু জনতা দল চেকুলাৰে ১৯ খন আসনত জয়লাভৰ বিপৰীতে অন্যান্যই ৪ খন আসনত বিজয় সাব্যস্ত কৰে।

ভোটৰ অংশৰ ক্ষেত্ৰত কংগ্ৰেছে ৪৩ শতাংশ, বিজেপিয়ে ৩৬ শতাংশ আৰু জেডি (এছ)য়ে ১৩.২ শতাংশ লাভ কৰিছে । কংগ্ৰেছ কৰ্মীসকলে কৰ্ণাটক আৰু দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজয় উদযাপনত ভাগ লয় । উল্লেখ্য, ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ ভোটগ্ৰহণ ১০ মে'ত অনুষ্ঠিত হয় আৰু শনিবাৰে পুৱা ৮ বজাত ভোটগণনা আৰম্ভ হয় । নিৰ্বাচনৰ ফলাফল ওলাবলৈ আগবঢ়াৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে ঢোলৰ ছেৱত নৃত্য কৰি মিঠাই বিতৰণ কৰে ।

আনহাতে, দলীয় কৰ্মীসকলে বেংগালুৰুস্থিত কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰৰ বাসগৃহতো বিজয় উদযাপন কৰে । দিল্লীৰ দলীয় কাৰ্যালয়ত দলীয় কৰ্মীসকলে প্ৰত্যাশিত বিজয় উদযাপন কৰিবলৈ ফটকা ফুটায় ।

লগতে পঢ়ক :Karnataka Election results 2023 : নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা গ্যেৰাণ্টিয়ে সহায় কৰিলে নেকি কংগ্ৰেছক ?

ABOUT THE AUTHOR

...view details