অসম

assam

By

Published : Nov 3, 2021, 4:45 PM IST

ETV Bharat / bharat

দীপাৱলীৰ বাবে সকাহ : আজি বৃদ্ধি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য

একেৰাহে এসপ্তাহ ধৰি ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ পাচত বুধবাৰে সামান্য সকাহ । তেল বিপণন কোম্পানীবোৰে বুধবাৰে পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত কিছু হ'লেও সকাহ পাইছে দেশবাসীয়ে ।

Petrol, diesel prices remain static
আজি বৃদ্ধি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ: দীপাৱলী সময়ত দেশবাসীলৈ সকাহ । বুধবাৰে অপৰিৱৰ্তিত হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । তেল বিপণন কোম্পানীবোৰে বুধবাৰে পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লয় । অপিইচিয়ে চলিত মাহত অধিক পৰিমাণৰ তেল পাম্প কৰাৰ সম্ভাৱনা আছে ।

বুধবাৰৰ দিনটোত দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'ল ১১০.০৪ টকাতে বিক্ৰী হৈ আছে । আনহাতে, ডিজেলৰ মূল্যও মঙলবাৰৰ দৰেই প্ৰতি লিটাৰত ৯৮.৪২ টকা হৈ আছে । মুম্বাইত, পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১১৫.৮৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০৬.৬২ টকা । দেশৰ আটাইকেইখন মহানগৰীৰ ভিতৰতে মুম্বাইত ইন্ধনৰ মূল্য সৰ্বাধিক ।

বুধবাৰৰ পূৰ্বে দিল্লীত পেট্ৰ'লৰ মূল্য একেৰাহে সাত দিনৰ বাবে বৃদ্ধি পাইছিল । একেদৰে, ডিজেলৰ মূল্যও বৃদ্ধি পাইছিল । কিন্তু বুধবাৰে সমগ্ৰ দেশতে এক বিপৰীত ছবি পৰিলক্ষিত হৈছে । বুধবাৰে ইন্ধনৰ মূল্য স্থিৰ হৈ থাকে । কিন্তু পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি খুচুৰা মূল্যত পাৰ্থক্য দেখা গৈছে । পেট্ৰ'লৰ লগতে দেশত বিগত দিনবোৰত ডিজেলৰ দামো বাঢ়িছে ।

কোনো কোনো ঠাইত ১০০ টকা দৰত বিক্ৰী হৈছে প্ৰতি লিটাৰ ডিজেল । সোমবাৰে দিল্লীত ডিজেলৰ মূল্য আছিল প্ৰতি লিটাৰত ৯৮.৪২ টকা । পেট্ৰ'লৰ মূল্য যোৱা ৫ ছেপ্টেম্বৰৰ পৰা কিছুদিন ধৰি বৃদ্ধি পোৱা নাছিল । কিন্তু তেল কোম্পানীবোৰে যোৱা সপ্তাহত পাম্পৰ মূল্য বৃদ্ধি কৰিছিল আৰু ইয়াৰ পাচতে খুচুৰা মূল্যও বাঢ়ে ।

বিশ্বজুুৰি ইন্ধনৰ চাহিদা বেছি হৈ থকাৰ বাবে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৫ ডলাৰতকৈ বৃদ্ধি পাইছে । আনহাতে, অপিইচিয়ে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । চীনে যোগানৰ সমস্যা সমাধানৰ বাবে সংৰক্ষিত অঞ্চলৰ পৰা কিছু তেল উলিওৱাৰ পিছত ইয়াৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৮৪ ডলাৰ লৈ হ্ৰাস পাইছে । যি কি নহওক, উৎসৱৰ বতৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য স্থিৰ হৈ থকাত দেশবাসীয়ে সকাহ পাইছে ।

লগতে পঢ়ক:পানীসাগৰ হিংসাত্মক ঘটনা : ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

ABOUT THE AUTHOR

...view details