অসম

assam

Diwali 2022: অনাথ শিশুৰ সৈতে দীপাৱলী উদযাপন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

By

Published : Oct 23, 2022, 9:11 PM IST

মধ্য প্ৰদেশৰ CM হাউচত কৰ’ণাত পিতৃ-মাতৃক হেৰুওৱা অনাথ শিশুসকলৰ বাবে আয়োজন এক ব্যতিক্ৰমী অনুষ্ঠান ৷ এই অনুষ্ঠান অনাথ শিশুসকলৰ সৈতে নাচ-গানত ব্যস্ত হৈ পৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান (MP CM Shivraj Singh Chouhan celebrated diwali) ৷

Diwali 2022
অনাথ শিশুৰ সৈতে দীপাৱলী উদযাপন এমপি মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ :কাইলৈ দীপাৱলী (Diwali Celebration 2022) ৷ পোহৰৰ এই উৎসৱটিক লৈ দেশৰ ভিন্ন প্ৰান্তত বৈছে আনন্দৰ জোৱাৰ ৷ আনকি প্ৰতিজন লোক ব্যস্ত ঘৰৰ আলোক সজ্জাৰ বাবে বিভিন্ন সা-সামগ্ৰী ক্ৰয় কৰাত ৷

কিন্তু ইয়াৰ মাজতে এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দীপাৱলীৰ এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে নৰক চৌদাসৰ CM হাউচত কৰ’ণাত পিতৃ-মাতৃক হেৰুওৱা অনাথ শিশুসকলৰ বাবে আয়োজন কৰে এক বিশেষ কাৰ্যসূচী ৷

অনাথ শিশুৰ সৈতে দীপাৱলী উদযাপন এমপি মুখ্যমন্ত্ৰীৰ

এই কাৰ্যসূচী অনুসৰি কৰ’ণাত পিতৃ-মাতৃক হেৰুওৱা অনাথ শিশুসকলৰ সৈতে দীপাৱলী উদযাপন কৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (MP CM celebrated Diwali with orphan children)। এই অনুষ্ঠানৰ সময়চোৱাত মুখ্যমন্ত্ৰীগৰাকী গান গোৱাৰ লগতে শিশুসকলৰ সৈতে নৃত্যও কৰে ।

য’ত প্ৰতিগৰাকী অনাথ শিশুৰ মুখত কেৱল হাঁহি পৰিস্ফূট হয় ৷ প্ৰতিগৰাকী অনাথ শিশুৱে মুকলিমুৰীয়াকৈ নাচ-গান কৰা দেখিবলৈ পোৱা যায় । আনকি অনুষ্ঠানৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে বাল আশীৰ্বাদ যোজনাৰ অধীনত শিশুসকলক 5000 টকাৰ একোখন চেকৰ লগতে মিঠাই প্ৰদান কৰে ।

CM হাউচত অনুষ্ঠিত এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনাথ শিশুসকলক উদ্দেশ্যি কয়, ‘‘জীৱনত হতাশ নহ’বা ৷ জীৱনত সদায় আগবাঢ়ি যাব লাগিব । আমি আমাৰ জীৱনো গঢ়ি তুলিম আৰু আমাৰ দেশক আগুৱাই নিম’’ । লগতে তেওঁ কয়, ‘‘মোৰ কণ্ঠস্বৰ সেই সকলো শিশুৰ ওচৰলৈ যোৱা উচিত যিসকলে যিকোনো কাৰণবশত মাক-দেউতাকক হেৰুৱাইছে । এনে শিশুৱে চিন্তা কৰাৰ প্ৰয়োজন নাই ।

ৰাজ্য চৰকাৰ তেওঁলোকৰ সৈতে আছে । এনে শিশুসকলৰ বাবে বাল আশীৰ্বাদ যোজনা আৰম্ভ কৰা হৈছে । ইয়াত এনে সকলো শিশুক প্ৰতি মাহে 5 হাজাৰ টকাৰ এক সাহাৰ্য দিয়া হৈছে’’ । ইয়াৰ উপৰিও এনে শিশুৰ চোৱাচিতা মহিলা আৰু শিশু বিকাশ বিভাগে কৰিব বুলি তেওঁ সদৰী কৰে ৷

আনহাতে, পৰিয়ালৰ সৈতে বাস কৰা এনে শিশুসকলৰ বাবে এবছৰত এখন সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । এইবোৰত ভাল প্ৰদৰ্শন কৰা শিশুসকলকো পুৰষ্কাৰ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ।

লগতে পঢ়ক :Badrinath temple decorated: 12 কুইণ্টল নাৰ্জী ফুলেৰে সজ্জিত বদ্ৰীনাথ মন্দিৰ

ABOUT THE AUTHOR

...view details