নেশ্যনেল ডেস্ক,২০ ফেব্ৰুৱাৰী :"নিৰ্বাচন আয়োগ ভংগ কৰিব লাগে ।" এই দাবী মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ (উদ্ধৱ বালাচাহেব) নেতা উদ্ধৱ থাকৰেৰ । নিৰ্বাচন আয়োগে শেহতীয়াকৈ একনাথ সিন্দে গোটক প্ৰকৃত শিৱসেনা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উদ্ধৱ থাকৰেয়ে । সিন্দে গোটক শিৱসেনাৰ প্ৰতীক প্ৰদান কৰাকলৈ ক্ষোভিত নেতাগৰাকীয়ে নিৰ্বাচনী পেনেল ভংগ কৰিব লাগে বুলি দাবী উত্থাপন কৰে (Uddhav Thackeray demand to dissolve EC)।
দাদৰৰ শিৱসেনা ভৱনত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি থাকৰেয়ে দাবী কৰে যে, এটা গোটক দলৰ নাম আৰু প্ৰতীক প্ৰদান কৰাৰ এনে ঘটনা পূৰ্বে কেতিয়াও সংঘটিত হোৱা নাই । নিৰ্বাচন আয়োগৰ সিদ্ধান্ত ভুল বুলি তেওঁ দাবী কৰে (Uddhav Thackeray slams Election Commission)। তেওঁ লগতে কয় যে, উচ্চতম ন্যায়ালয় তেওঁলোকৰ একমাত্ৰ ভৰষা । নিৰ্বাচন আয়োগে কিয় এই সিদ্ধান্ত ল'বলৈ ক্ষিপ্ৰতা দেখুৱাইছে বুলিও থাকৰেয়ে প্ৰশ্ন কৰে ।
তেওঁ লগতে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে গণতান্ত্ৰিক প্ৰতিষ্ঠান ব্যৱহাৰ কৰি দেশত গণতন্ত্ৰ ধ্বংস কৰি আছে । তেওঁ লগতে কয় যে, গেৰুৱা দলে আজি তেওঁলোকৰ সৈতে যি কৰিছে সেয়া যিকোনো লোকৰ সৈতে কৰিব পাৰে (Uddhav Thackeray slams BJP)।
যদি এনে ধৰণৰ কাৰ্যকলাপ অবিৰতভাৱে চলি থাকে, তেন্তে ২০২৪ চনৰ পাচত ভাৰতত গণতন্ত্ৰ বা নিৰ্বাচনৰ একো অস্তিত্ব নাথাকিব বুলি থাকৰেয়ে দাবী কৰে । ইফালে শিৱসেনা দলৰ নাম আৰু ধনু-কাড়ৰ চিহ্ন তেওঁৰ পৰা চুৰি হ'লেও থাকৰে নামটো কোনেও কাঢ়ি নিব নোৱাৰে বুলি দাবী কৰে ।
ইফালে বালাচাহেব থাকৰেৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি তেওঁ ভাগ্যৱান বুলিও মন্তব্য কৰে । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে মমতা বেনাৰ্জী, শৰদ পাৱাৰ আৰু নীতিশ কুমাৰকে ধৰি বিৰোধী দলৰ নেতাসকলে তেওঁক সমৰ্থন আগবঢ়াইছে ।
ইফালে শিৱসেনাৰ চৰকাৰী বেংক একাউণ্টৰ পৰা তেওঁৰ গোটে পুঁজি স্থানান্তৰ কৰাৰ প্ৰতিবেদনৰ বিষয়ে থাকৰেয়ে কয় যে নিৰ্বাচনী পেনেলৰ দলীয় পুঁজিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই । নিৰ্বাচন আয়োগৰ দায়িত্ব হৈছে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰা আৰু ৰাজনৈতিক দলসমূহত গণতন্ত্ৰ বিৰাজ কৰা নিশ্চিত কৰা । সেয়ে তেওঁ সতৰ্ক কৰি দিয়ে যে নিৰ্বাচন আয়োগে দলীয় পুঁজি সম্পৰ্কীয় বিষয়ত হস্তক্ষেপ কৰিলে অপৰাধমূলক গোচৰৰ সন্মুখীন হ'ব লাগিব (Uddhav Thackeray warns Election Commission)।
একনাথ সিন্দে গোটে শিৱসেনা দলটোৰ কেইবাটাও সম্পত্তি দখল কৰাৰ বিষয়ে সোধাত থাকৰেয়ে তেওঁৰ স্বৰ্গীয় পিতৃ বালাচাহেব ঠাকৰেৰ ফটো আৰু নাম ব্যৱহাৰ কৰা বন্ধ কৰিবলৈ দাবী জনাই লগতে পিতৃৰ নাম আৰু ফটো ব্যৱহাৰ কৰি ভোট বিচাৰিবলৈও বন্ধ কৰিবলৈ কয় সিন্দে গোটক (Shiv Sena party office ownership controversy)।
উদ্ধৱ থাকৰেয়ে কয় যে, যিহেতু নিৰ্বাচন আয়োগে তেওঁৰ গোটটোক শিৱসেনা (উদ্ধৱ বালাচাহেব থাকৰে) হিচাপে স্বীকৃতি দিছে আৰু জ্বলন্ত শিখাৰ প্ৰতীক প্ৰদান কৰিছে (Uddhav Thackeray faction symbol)। নিৰ্বাচন আয়োগে তেওঁৰ গোটক ইতিমধ্যে এক পৃথক সত্তা হিচাপে স্বীকৃতি দিছে বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :Sivsena Symbol in Shinde Faction : শিৱসেনাৰ নাম-প্ৰতীক শিণ্ডে গোটৰ হাতত, নিৰ্বাচন আয়োগৰ নিৰ্দেশ