অসম

assam

ETV Bharat / bharat

কেৰালাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত বিবাদ

প্ৰাৰ্থীত্বকেন্দ্ৰিক বিবাদ কংগ্ৰেছ দলৰ বাবে নতুন কথা নহয় । কেৰালাত ক্ষুদ্ধ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিলেও দলত যেন একো প্ৰভাৱ নপৰে । শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চি চাক'ৰ পদত্যাগৰ পিছত প্ৰাক্তন জিলা সভাপতি এ ভি গোপীনাথে কৈছে যে, দলত পৰিৱৰ্তনৰ প্ৰয়োজন ।

কেৰালাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত বিবাদ
কেৰালাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত বিবাদ

By

Published : Mar 12, 2021, 4:58 PM IST

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: কেৰালাত কংগ্ৰেছ দলত পৰিৱৰ্তন বিচাৰিছে দলটোৰ প্ৰাক্তন জিলা সভাপতি এ ভি গোপীনাথে । দৰাচলতে পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি লোকসভা-ৰাজ্যসভা নিৰ্বাচনলৈকে সকলোতে ক্ষমতাক লৈ সংগ্ৰাম সদায় চলি থাকে । এই বিষয়ত ভিন্নমত থকা স্বত্বেও পৰম্পৰা অক্ষুণ্ণ ৰাখি কংগ্ৰেছে স্বাভাৱিকতে নিৰ্বাচনৰ কাম অথবা বিজয়ৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ নিদিয়ে ।

শেহতীয়াকৈ দিল্লীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, চাৰিবাৰৰ বাবে কংগ্ৰেছ সাংসদ হিচাপে নিৰ্বাচিত হোৱা আৰু প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী পিচি চাক'ই পদত্যাগ কৰিছে । কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ সদস্য চাক'ই ৰাজ্যৰ ৰাজনীতিত কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাছিল । দল ত্যাগৰ পূৰ্বে তেওঁ অভিযোগ তুলিছিল যে, কংগ্ৰেছত পৃথক পৃথক গোট গঠিত হৈছে । আনহাতে, কেৱল 'দুৰ্ভাগ্যজনক' বুলি কৈ কেৰালাৰ নেতাসকলে চাক'ৰ পদত্যাগৰ বিষয়টো এৰাই চলিবলৈ আৰম্ভ কৰিছে । চাক'ৰ পদত্যাগক লৈ কেৰালাৰ কংগ্ৰেছ নেতৃত্ব মুঠেও চিন্তিত নহয় ।

কিন্তু, পালক্কাড় জিলাৰ পেৰিংগ'ট্টুকুৰিচি পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীসকলে প্ৰাক্তন ডিচিচি সভাপতি এ ভি গোপীনাথৰ অসন্মতিৰ ওপৰত দলৰ নেতৃত্বই কি স্থিতি গ্ৰহণ কৰে তাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এ ভি গোপীনাথে এদিন পূৰ্বে প্ৰতিবাদো সাব্য়স্ত কৰিছিল । ইয়াৰ পিছত, সাংসদ জি সুধাকৰণে পেৰিংগ'ট্টুকুৰিচিস্থিত গোপীনাথৰ বাসগৃহত তেওঁক সাক্ষাৎ কৰে আৰু এই বিষয়ত আলোচনা কৰে । সম্ভাৱ্য প্ৰাৰ্থীসকলৰ নাম সন্দৰ্ভতো আলোচনা হৈছিল আৰু গোপীনাথে তেওঁৰ স্থিতি নিশ্চিত কৰিছিল ।

কংগ্ৰেছত পৰিৱৰ্তনৰ প্ৰয়োজন বুলি উল্লেখ কৰি গোপীনাথে কৈছিল যে, তেওঁ শুকুৰবাৰে নিশালৈকে দলৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব । গোপীনাথে সেই অনুসৰি তেওঁৰ পৰৱৰ্তী কাৰ্যসূচী সম্বন্ধে সিদ্ধান্ত গ্ৰহণ কৰিব । গোপীনাথে কয় যে, দলে কৰ্মীসকলৰ সৈতে বিশ্বাসঘাতকতা কৰি আগবাঢ়ি যাব নোৱাৰে ।

ক্ষমতাৰ বাবে একেটা দলতে বিভিন্ন গোট গঠন কৰাৰ নামত ২০ বছৰ ধৰি সকলোৱে বিবাদ কৰি আছো । কিন্তু সুবিধাবাদী লোকসকল দলৰ মুৰব্বী হয় বুলিও ক্ষোভ উজাৰে নেতাগৰাকীয়ে । তেওঁ কয় যে, কংগ্ৰেছৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰা তৃণমূল কৰ্মীসকল সংকটত আছে । বৈঠকৰ পিছত গোপীনাথে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক:উত্তৰাখণ্ডত মদন কৌশিকক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ

ABOUT THE AUTHOR

...view details