নেশ্যনেল ডেস্ক,২৫ মাৰ্চ :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে (Rahul Gandhi disqualified from Lok Sabha)। ৱায়ানাড় সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হোৱা ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সাংসদ পদ খাৰিজ কৰাৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi first reaction after disqualification)। অৱশ্যে তেওঁ নিজৰ স্থিতিতে অটল আছে ।
ৰাহুল গান্ধীৰ মতে তেওঁক অযোগ্য ঘোষণা কৰিলেও বা কাৰাগাৰলৈ প্ৰেৰণ কৰিলেও প্ৰশ্ন কৰিয়ে থাকিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ব্যৱসায়ী গৌতম আদানিৰ সম্পৰ্কক লৈ তেওঁ প্ৰশ্ন কৰিয়ে থাকিব (Rahul Gandhi on Modi and Adani relation)। আনহাতে আদানিৰ শ্বেল কোম্পানীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে আৰু সেইবোৰত বিনিয়োগ কৰা ২০,০০০ কোটি টকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।
ৰাহুল গান্ধীয়ে কয় যে তেওঁ সদনত আদানিৰ শ্বেল কোম্পানীৰ প্ৰমাণ দেখুৱাইছিল আৰু আদানি-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজৰ সম্পৰ্কৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । আনকি মোডী, আদানি আৰু অষ্ট্ৰেলিয়াৰ ষ্টেট বেংকৰ অধ্যক্ষৰ সৈতে তেওঁলোকৰ কথিত ঘনিষ্ঠতাৰ প্ৰমাণ হিচাপে এখন ফটোও প্ৰকাশ কৰিছিল ।
ৰাহুল গান্ধীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে আদানিৰ কোম্পানীত বিনিয়োগ কৰা ২০,০০০ কোটি টকাৰ বিষয়ে কোনেও কিয় প্ৰশ্ন কৰা নাই । ৰাহুল গান্ধীৰ মতে আদানি আন্তঃগাঁথনিৰ ব্যৱসায়ত জড়িত আছিল কিন্তু তেওঁৰ ওচৰত টকা নাছিল । ৰাহুল গান্ধীৰ প্ৰশ্ন তেওঁৰ হাতলৈ টকাখিনি ক'ৰ পৰা আহিছিল ? এই ক্ষেত্ৰত এজন চীনা নাগৰিক জড়িত থকা বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে (Rahul Gandhi reacts on Adani Shell company)।