নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ :মহাৰাষ্ট্ৰত ৰাজনৈতিক পৰিৱেশ এতিয়াও সুস্থিৰ হোৱা নাই (Political situation in Maharashtra)। মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উদ্ধৱ ঠাকৰেৰ শিৱ সেনা বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Clashes between Shinde and Shiv sena group)। আনকি গণপতি বিসৰ্জনতো লাগিল দুয়োটা গোটৰ মাজত সংঘৰ্ষ । গণেশ বিসৰ্জনৰ সময়ত, একনাথ সিন্দে গোটৰ বিধায়ক সদা সাৰাৱাংকৰৰ পুত্ৰ সমাধান সাৰাৱাংকৰ আৰু শিৱসেনাৰ কৰ্মীসকলৰ মাজত প্ৰভাদেৱীত পূৰ্বে সংঘৰ্ষৰ সৃষ্টি হৈছিল ।
যোৱা নিশা, এই দুয়োটা ফৈদৰ মাজত পুনৰ সংঘৰ্ষৰ সৃষ্টি হয় । এইবাৰ শিৱসেনাই অভিযোগ কৰা মতে সংঘৰ্ষৰ সময়ত বিদ্ৰোহী বিধায়ক সদা সাৰাৱাংকৰে গুলীচালনা কৰিছে (Shiv Sena alleges that MLA Sada Saravankar fired)। শিৱসেনাৰ বিধায়ক সুনীল সিন্দেয়ে অভিযোগ কৰিছে যে এই গুলীচালনাত শিৱসেনাৰ মহেশ সাৱন্ত কোনো মতে ৰক্ষা পৰিছে । কিন্তু বিধায়ক সদা সাৰাৱাংকৰে শিৱসেনাৰ এই সকলো অভিযোগ নাকচ কৰিছে । তেওঁ কয় যে গুলীচালনা সন্দৰ্ভত শিৱসেনাই তেওঁলোকৰ ওপৰত মিছা অভিযোগ কৰিছে ।
উল্লেখ্য যে বিগত দুটা দিন ধৰি দুয়োটা ফৈদৰ মাজত সংঘাত অব্যাহত আছে । গণেশ প্ৰতিমা বিসৰ্জনৰ দিনা প্ৰভাদেৱী চৌহদত এখন মঞ্চ স্থাপনক লৈ দুয়োপক্ষৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল । শিৱসেনাৰ নেতা হেমাংগী ৱৰ্লিকাৰে প্ৰভাদেৱী চৌহদত গণেশ বিসৰ্জনৰ এখন মঞ্চ স্থাপন কৰিছিল ।