Toolkit case : দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ - জামিন মঞ্জুৰ কৰিলে দিশা ৰবিৰ
![Toolkit case : দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10744844-thumbnail-3x2-disha.jpg)
16:05 February 23
নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতে জামিন মঞ্জুৰ কৰিলে দিশা ৰবিৰ
নেশ্যনেল ডেস্ক, 23 ফেব্ৰুনৱাৰী : Toolkit গোচৰ সন্দৰ্ভত আটক হোৱা পৰিৱেশ কৰ্মী দিশা ৰবিৰ মঙলবাৰে জামিন আবেদন মঞ্জুৰ কৰিলে নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাৰ আদালতে মঞ্জুৰ কৰিলে দিশা ৰবিৰ জামিন আবেদন ৷ উল্লেখ্য যে, যোৱা 20 ফেব্ৰুৱাৰীত আদালতে তেওঁৰ জামিন আবেদনৰ শুনানি সংৰক্ষিত কৰি ৰাখিছিল ৷
এই মাহৰ প্ৰথম ভাগতে দিল্লী আৰক্ষীৰ এক চাইবাৰ চেল টীমে বেংগালুৰুৰ পৰা আটক কৰি দিল্লীলৈ নিছিল ৰবিক ৷ ৰাজদ্ৰোহ আৰু অন্যান্য গোচৰত সাঙুৰ খাই পৰিছিল পৰিৱেশ কৰ্মীগৰাকী ৷
লগতে পঢ়ক :সাৰদা কেলেংকাৰীৰ শুনানিৰ দিন দুসপ্তাহলৈ বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ