অসম

assam

By

Published : Sep 12, 2021, 8:31 PM IST

ETV Bharat / bharat

দলৰ কামত অসন্তুষ্ট : তৃণমূলৰ সৈতে আলোচনা বিজেপি বিধায়ক আৰু মন্ত্ৰীৰ

তৃণমূল কংগ্ৰেছৰ সৈতে আলোচনা বিজেপিৰ বিধায়ক আৰু মন্ত্ৰীৰ ৷ দলৰ কামত অসন্তুষ্ট হৈ তৃণমূল কংগ্ৰেছৰ সৈতে আলোচনা আগবঢ়াইছে বিজেপিৰ নেতাই ৷

Disgruntled BJP Ministers MLAs are in talks with TMC
তৃণমূলৰ সৈতে আলোচনা বিজেপি বিধায়ক আৰু মন্ত্ৰীৰ

আগৰতলা , 12 ছেপ্তেম্বৰ :তৃণমূল কংগ্ৰেছৰ সৈতে আলোচনা আগবঢ়াইছেত্ৰিপুৰাৰ বহু বিজেপি বিধায়ক আৰু মন্ত্ৰীয়ে ৷ তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দস্তিদাৰে শনিবাৰে এই কথা স্বীকাৰ কৰে ৷ তৃণমূলৰ সৈতে বিজেপিৰ বহু নেতাৰ আলোচনা চলি থকাৰ কথা স্বীকাৰ কৰি কাকলি ঘোষ দস্তিদাৰে কয় যে, গেৰুৱা দলটোত অৱহেলিত আৰু একাষৰীয়া অনুভৱ কৰি বিজেপিৰ বহু বিধায়ক আৰু মন্ত্ৰীয়ে তৃণমূল কংগ্ৰেছৰ সৈতে আলোচনা কৰিছে ৷

ৰাজনৈতিক বিশ্লেষকসকলে বিশ্বাস কৰে যে, বঙালী সম্প্ৰদায়ৰ লোকসকলৰ শক্তিশালী প্ৰভাৱ তথা মমতা বেনাৰ্জীৰ প্ৰভাৱৰ বাবেই তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাক লক্ষ্য কৰি লৈছে ৷ তেওঁলোকৰ মতে, বিজেপিৰ বহু নেতা, বিধায়কৰ লগতে বহুকেইগৰাকী মন্ত্ৰীয়ে দলত অৱহেলিত অনুভৱ কৰিছে লগতে ৰাজ্যখনত দলৰ কামকাজক লৈও অসন্তুষ্ট হৈছে ৷ যাৰ বাবে তেওঁলোকে তৃণমূলত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

বিজেপিৰ নেতাসকলৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, "তেওঁলোকে আমাক কৈছে যে, তেওঁলোকে এনে ধৰণৰ পৰিৱৰ্তন নিবিচাৰে য'ত বিৰোধী দল আক্ৰমণৰ সন্মুখীন হয়, মানুহে বাহিৰলৈ যাবলৈ ভয় অনুভৱ কৰে আৰু মুকলি চহৰৰ ৰাস্তাত জুই লগোৱা হয় ৷ মহিলা শাখাৰ বৈঠকৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত দস্তিদাৰে দাবী কৰে যে, দীৰ্ঘদিন ধৰি আৰএছএছৰ সৈতে জড়িত হৈ থকা বহুলোকে বিজেপি ত্যাগ কৰি আছে ।

দস্তিদাৰে কয় যে, তেওঁলোক এনে এটা শাসকীয় দলৰ অংশ হ'ব নিবিচাৰে যিয়ে ৰাজনৈতিক সংস্কৃতি হিচাপে গুণ্ডামিক উৎসাহিত কৰে । তৃণমূলে শাসনব্যৱস্থাৰ দ্বাৰা সংঘটিত হোৱা অন্যায়ৰ বিষয়ে মহিলাসকলৰ মাজত এক শক্তিশালী জনমত গঢ়ি তুলিব বিচাৰে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে লগতে কয় যে, তৃণমূলে আৰু অধিক লোকক মমতা বেনাৰ্জীৰ আদৰ্শক সমৰ্থন কৰিবলৈ অনুপ্ৰাণিত কৰিব বিচাৰে যি জনসাধাৰণৰ স্বাৰ্থৰ বাবে থিয় হয় ৷

লগতে পঢ়ক :ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details