অসম

assam

By

Published : Aug 9, 2023, 10:28 AM IST

ETV Bharat / bharat

Russia Ukraine war: জি 20 শীৰ্ষ সন্মিলনত বিশেষ প্ৰাধান্য লাভ কৰিব ৰাছিয়া ইউক্ৰেইন যুদ্ধই

অহা মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি 20 শীৰ্ষ সন্মিলনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধই লাভ কৰিব বিশেষ প্ৰাধান্য ৷

Russia Ukraine war
জি 20 শীৰ্ষ সন্মিলনত বিশেষ প্ৰাধান্য লাভ কৰিব ৰাছিয়া ইউক্ৰেইন যুদ্ধই

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 আগষ্ট :আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে কয় যে, অহা মাহত ভাৰতৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-20 সন্মিলনত ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে আলোচনা কৰাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰিব । ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ ক্ষেত্ৰত জি-20 শীৰ্ষ সন্মিলনে কিবা সমাধান সূত্ৰ ওলাব নেকি সেই সন্দৰ্ভত মেথিউ মিলাৰে সংবাদ মাধ্যমক কয় যে, “মই ক’ম যে, বিশ্বৰ মিত্ৰ আৰু অংশীদাৰৰ সৈতে আমাৰ সকলো আলোচনাতে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম ।”

তেওঁ লগতে কয়, ‘‘আমাৰ সকলো কথা-বতৰাত সদায় এটা বিষয়ে প্ৰাধান্য লাভ কৰে আৰু জি-20 ত সেয়া সঁচা হ’ব বুলি মোৰ কোনো সন্দেহ নাই ৷’’ তাৎপৰ্যপূৰ্ণভাৱে ইউক্ৰেইনক নাটোৰ সদস্যপদৰ বাবে প্ৰস্তাৱ দিয়াৰ পিছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল । ইউক্ৰেইনৰ বিচ্ছিন্ন অঞ্চল ডনেস্ক আৰু লুহানস্কক “স্বাধীন গণৰাজ্য” হিচাপে স্বীকৃতি দিয়াৰ পিছত ৰাছিয়াই 2022 চনৰ 24 ফেব্ৰুৱাৰীত নিজৰ বিশেষ সামৰিক অভিযান আৰম্ভ কৰে ৷ তাৰ পিছত ৰাছিয়াই দেশখনক “নিৰস্ত্ৰীকৰণ” আৰু “নাজীমুক্ত” কৰাৰ লক্ষ্যৰে অভিযান অব্যাহত ৰাখিছে ।

আমেৰিকা আৰু নাটোৰ অন্যান্য দেশসমূহে চলি থকা সংঘাতৰ বাবে এতিয়া ইউক্ৰেইনক নাটোত ভৰ্তি কৰাটো অসম্ভৱ বুলি কৈছে । জুলাই মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইন নাটোৰ সদস্যপদৰ বাবে সাজু বুলি নাভাবে বুলি কৈছিল আৰু লগতে কয় যে, নাটোত অন্তৰ্ভুক্ত কৰিবৰ বাবে গণতান্ত্ৰিকৰণৰ পৰা আৰম্ভ কৰি আন বহুতো বিষয়লৈকে সকলো অৰ্হতা পূৰণ কৰিবলৈ কিছু সময় লাগে ।

সংবাদ সংস্থা CNN ৰ বাতৰি অনুসৰি, ইউক্ৰেইনৰ নাটোৰ সদস্যপদৰ বিষয়ে সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক সাক্ষাৎকাৰত কয়, ‘‘মই নাভাবো যে ই (ইউক্ৰেইন) নাটোৰ সদস্যপদৰ বাবে সাজু হৈছে । অৱশ্যে ইউক্ৰেইন এতিয়াও নাটোৰ অংশ হ’বলৈ বদ্ধপৰিকৰ ।’’

লগতে পঢ়ক :Bilkis Bano rape case: গণ আন্দোলনে ন্যায়ালয়ৰ ৰায়ৰ ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে; সৰ্বোচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details