নেশ্যনেল ডেস্ক, ৫ জুলাই: জলপথেৰে আফগানিস্তানৰ পৰা ভাৰতলৈ নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ জৱাহৰলাল নেহৰু বন্দৰত নিষিদ্ধ হেৰ'ইন জব্দ কৰিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই । প্ৰায় ৩০০ কেজি হেৰ'ইন(Heroin) জব্দ কৰা হয় । জব্দ কৃত হেৰ'ইনখিনিৰ মূল্য ৮৭৯ কোটি টকা বুলি বিষয়াসকলে জানিবলৈ দিছে ।
হেৰ'ইন জব্দ কৰাৰ বিষয়ে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই দেওবাৰে জানিবলৈ দিছে । বৃহস্পতিবাৰে এই নিষিদ্ধ নিচাজাতীয় সামগ্ৰীবোৰ জব্দ কৰা হৈছিল । ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এগৰাকী বিষয়াই কয় যে, আফগানিস্তানৰ পৰা ইৰাণ হৈ চোৰাংভাৱে এই সামগ্ৰীখিনি ভাৰতলৈ অনা হৈছিল । জিপচাম শিল আৰু টেলকম পাউডাৰ বুলি কৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা হৈছিল ।
জব্দকৃত সামগ্ৰীখিনি আফগানিস্তানৰ পৰা পঞ্জাৱলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু মুম্বাইত সামগ্ৰীখিনি জব্দ হয় । সামগ্ৰী আমদানি-ৰপ্তানি কোড প্ৰভজোৎ সিঙৰ নামত আছিল ।