অসম

assam

G20 Dinner Meet : জি২০ নৈশভোজলৈ আমন্ত্ৰণ নাপালে মল্লিকাৰ্জুন খাৰ্গেয়ে; গণতন্ত্ৰক হত্যা আখ্যা ভূপেশ বাঘেলৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:02 PM IST

দিল্লীৰ জি-২০ শীৰ্ষ সন্মিলনত ২০ খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰধানমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৯ ছেপ্টেম্বৰৰ সন্ধিয়া এক নৈশভোজৰ আয়োজন কৰিছে । য'ত দেশৰ প্ৰবীণ নেতাসকললৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে । কিন্তু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নাম নৈশভোজৰ তালিকাত নাই । তাকে লৈ কংগ্ৰেছে কেন্দ্ৰৰ মোদী চৰকাৰক আক্ৰমণ কৰিছে ।

G20 Dinner Meet
G20 Dinner Meet

নৈশভোজ সন্দৰ্ভত ভূপেশ বাঘেলৰ মন্তব্য

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : শনিবাৰৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব জি-২০ শীৰ্ষ সন্মিলন । এই সন্মিলত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান তথা প্ৰতিনিধিসকলৰ দিল্লীলৈ আগমন ঘটিব ধৰিছে । জি-২০ৰ অন্তৰ্গত সকলো দেশৰ ৰাষ্ট্ৰপতিকে এই সন্মিলত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই সন্মিলনৰ বাবে ৯ ছেপ্টেম্বৰত দিল্লীত জি-২০ সন্মিলন নৈশভোজৰ আয়োজন কৰিছে । য'ত দেশৰ বহুতো নেতা জড়িত থাকিব । কিন্তু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই নৈশভোজৰ বাবে নিমন্ত্ৰণ লাভ কৰা নাই । আনহাতে, এই নৈশভোজৰ বাবে তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও নিমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হৈছে । এই বিষয়ক লৈ কংগ্ৰেছে চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে ।

উল্লেখ্য যে মল্লিকাৰ্জুন খাৰ্গে কেৱল ৰাজ্যসভাৰ বিৰোধী দলৰ নেতায়ে নহয়, তেওঁ দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিও । কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে সোমবাৰে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক নৈশভোজৰ বাবে নিমন্ত্ৰণ নকৰাত আপত্তি জনাইছিল । "ই দেখুৱায় যে তেওঁলোকে বিৰোধী দলৰ নেতাক সন্মান নকৰে আৰু আমাক জি-২০ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই । তেওঁলোকে দেশৰ জনসংখ্যাৰ ৬০% নেতৃত্বক গুৰুত্ব নিদিয়ে ।" ৰাহুল গান্ধীয়ে কৈছিল ।

উল্লেখ্য যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাষ্ট্ৰপতিয়ে নৈশভোজত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে । ইয়াৰ উপৰিও আন বিৰোধী দলসমূহকো নৈশভোজত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে । এনে পৰিস্থিতিত নৈশভোজৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে নিমন্ত্ৰণ নোপোৱাটো এতিয়া এক ৰাজনৈতিক বিষয় হৈ পৰিছে । আনহাতে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যসভাৰ বিৰোধী দলপতিলৈ নিমন্ত্ৰণ প্ৰেৰণ নকৰাটোক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে ।

"এনেকুৱা হৈছে যেন এতিয়া এটা ন'-প্লেয়িং জ'ন হৈ গৈছে । ভিন্ন মতকো সন্মান কৰিব লাগিব । গণতন্ত্ৰত বিৰোধীৰ এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে । সেয়েহে তেওঁক নিমন্ত্ৰণ নকৰাটো গণতন্ত্ৰৰ ওপৰত আক্ৰমণ ।" ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় ।

উল্লেখ্য যে শনিবাৰে ৰাষ্ট্ৰপতিয়ে এক মহা নৈশভোজৰ আয়োজন কৰিছে । দিল্লীৰ প্ৰগতি ময়দানত জি-২০ সন্মিলনৰ বাবে প্ৰস্তুত ভাৰত মণ্ডপমত নৈশভোজ অনুষ্ঠিত হ'ব । তাত এটা সৰু সাংস্কৃতিক কাৰ্যসূচীও থাকিব । এই সাংস্কৃতিক অনুষ্ঠানত বহুসংখ্যক বিদেশী অতিথিও উপস্থিত হ'ব । এই অনুষ্ঠানত ৭৮ জন শিল্পীয়ে অতিথিসকলৰ সন্মুখত দেশৰ সাংস্কৃতিক ঐতিহ্য উপস্থাপন কৰিব । শিল্পীসকলে ৩৪ টা হিন্দুস্তানী, ১৮ টা কাৰ্ণাটকী আৰু ১৪ টা লোক সংগীতৰ কাৰ্যসূচী প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক :Mallikarjun Kharge Chhattisgarh Visit : ছত্তীশগড়ত বিজেপিক তীব্ৰ আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

ABOUT THE AUTHOR

...view details