নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : নতুন দিল্লীত চৰকাৰ আৰু অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰচেন আৰ্মীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব (MoU will be signed between DNLA and Government)। বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ উগ্ৰপন্থী সংগঠন ডিএনএলএ আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি সূত্ৰই জনাইছে ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু গৃহ মন্ত্ৰালয়ৰ আৰু অসম চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিতি থাকিব এই কাৰ্যসূচীত । সূত্ৰৰ মতে গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত সন্ধিয়া প্ৰায় ৬.৩০ বজাত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ব (MoU between DNLA and Govt)।
ডিএনএলএ সংগঠনে এই মাহৰ আৰম্ভণিতে একপক্ষীয় যুদ্ধবিৰতি সম্প্ৰসাৰণৰ ঘোষণা কৰিছিল (DNLA announced extension of unilateral ceasefire)। সংগঠনটোৰ অধ্যক্ষই ডিএনএলএৰ যুদ্ধবিৰতি আৰু ৬ মাহ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিল । ২০২১ চনৰ ছেপ্টেম্বৰত, অসমৰ মুখ্যমন্ত্ৰীৰ শান্তিচুক্তিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিএনএলএ সংগঠনে ৬ মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল ।