অসম

assam

By

Published : Jan 28, 2021, 12:25 PM IST

ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণঃ বৰঙণি সংগ্ৰহ কৰাক লৈ বিজেপিক কটাক্ষ দিগ্বিজয় সিঙৰ

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে বিজেপিয়ে বৰঙণি সংগ্ৰহ কৰাক লৈ তীব্ৰ সমালোচনা কৰিলে কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে । বিজেপিয়ে বৰঙণি সংগ্ৰহৰ বাবে কাৰ পৰা অনুমতি লৈছে বুলি প্ৰশ্ন উত্থাপন কৰিলে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ।

ৰাম মন্দিৰ নিৰ্মাণঃ বৰঙণি সংগ্ৰহ কৰাক লৈ বিজেপিক কটাক্ষ দিগ্বিজয় সিঙৰ
ৰাম মন্দিৰ নিৰ্মাণঃ বৰঙণি সংগ্ৰহ কৰাক লৈ বিজেপিক কটাক্ষ দিগ্বিজয় সিঙৰ

নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে বৰঙণি সংগ্ৰহ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে । অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে সমগ্ৰ দেশতে বিজেপিয়ে নিধি সমৰ্পণ অভিযানৰ জৰিয়তে বৰঙণি সংগ্ৰহ কৰিছে । গেৰুৱা দলটোৰ এই কাৰ্যৰ বাবে তীব্ৰ কটাক্ষ কৰিলে কংগ্ৰেছ নেতা দ্বিগবিজয় সিঙে ।

উজ্জয়িনী জিলাৰ নাগড়াত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিয়ে বৰঙণি সংগ্ৰহৰ বাবে কাৰ পৰা অনুমতি লৈছে বুলি প্ৰশ্ন উত্থাপন কৰে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । ৰাম মন্দিৰৰ নিৰ্মাণৰ দায়িত্বত থকা ট্ৰাষ্টে বিজেপিক বৰঙণি সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰিছে নেকি বুলিও প্ৰশ্ন কৰে দিগ্বিজয় সিঙে । লগতে তেওঁ কয় যে,বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ দেশৰ ভিন্ন প্ৰান্তত সমদলৰ আয়োজন কৰিছে ।

কিন্তু এই সমদলতে গেৰুৱা দলটোৰ কৰ্মকৰ্তাই লাঠি আৰু তৰোৱাল ব্যৱহাৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে । নাগাড়াত বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা প্ৰসংগত তেওঁ কয় যে,যদিও এমাহৰ ভিতৰত মূৰ্তি স্থাপন কৰা নহয়,তেওঁ নিজে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব । উল্লেখ্য যে,দিগ্বিজয় সিঙে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে ১,১১,১১১ টকা বৰঙণি হিচাপে আগবঢ়াইছিল ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহঃ ৩৭ গৰাকী কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ

ABOUT THE AUTHOR

...view details