নেচনেল ডেস্ক, 4 এপ্ৰিল : যোৱা কেইটামান বছৰমানৰ পৰা, বুলেট বাইকৰ যুগ ঘূৰি আহিছে ৷ বিশেষকৈ ষ্টাইলৰ বাবে গ্ৰাহকে পচন্দ কৰি আহিছে বুলেট বাইক৷ যদিও পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বাবে এতিয়া ব্যয়বহুল হৈ পৰিছে বুলেট ৰাইড ৷ এনে সময়তে যদি আপোনাক কোনোবাই কয় যে, আপোনাৰ বুলেটখনে 80 কি:মি : মাইলেজ দিব আপুনি নিশ্চয় কৈ এই কথা বিশ্বাসত নলয় কিয়নো আপোনাৰ বুলেটখনে হয়তো দিয়ে মাত্ৰ 30 কি:মি: মাইলেজ ৷
বিহাৰৰ ৰাজধানী পাটনাৰ ভট্টাচাৰ্য ৰোডত মেকানিক হিচাপে কাম কৰা ৬৫ বছৰীয়া মোহনে তেওঁৰ দক্ষতাৰে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ তেওঁৰ পুৰণি বুলেটখন মেৰামতি কৰে। তেওঁৰ এখন 1998 মডেলৰ ডিজেল ইঞ্জিন বুলেট (1998 Model Diesel Engine Bullet ) আছে, যি 1 লিটাৰত 80 কিলোমিটাৰ মাইলেজ দিয়ে । উল্লেখ্য যে, মোহনে যোৱা ৫০ বছৰ ধৰি বাইক মেকানিক হিচাপে কাম কৰি আছে। তেওঁ কয় যে 15 বছৰ বয়সৰ পৰা, তেওঁ বুলেট বাইক ঠিক কৰাৰ কাম আৰম্ভ কৰিছিল ।
মোহনে কয় যে, যেতিয়া তেওঁ তেওঁৰ গাড়ীত তেল ভৰ্তি কৰিবলৈ পেট্ৰ'ল টেংকলৈ যায়, পেট্ৰ'ল পাম্পৰ কৰ্মীসকলো আচৰিত হয় যে, সকলোৱে বুলেটত পেট্ৰ'ল ঢালে আৰু মোহনে নিজৰ বুলেটখনত ডিজেল ঢালে ।