অসম

assam

ETV Bharat / bharat

"দিদি বোলে খেলা হ'বে, খেলা ছেছ হ'বে, বিকাশ আৰম্ভ হ'বে": মোডী - Didi bole khela hobe, khela shesh hobe, vikas aarambh hobe: PM Modi assures West Bengal

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ পুৰুলীয়াত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ লৈ টিএমচিক তীব্ৰ সমালোচনা কৰে । টিএমচিয়ে কেৱল নিজৰ মাজত খেল খেলি থকাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগত এইবাৰ খেল নহয় বিকাশহে হ'ব ।

"দিদি বোলে খেলা হ'বে, খেলা চেছ হ'বে, বিকাশ আৰম্ভ হ'বে" মোডী
"দিদি বোলে খেলা হ'বে, খেলা চেছ হ'বে, বিকাশ আৰম্ভ হ'বে" মোডী

By

Published : Mar 18, 2021, 2:56 PM IST

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ: ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ’ব পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ৰাজ্যখনত ইজনৰ পিছত আনজন প্ৰভাৱশালী নেতাৰ আগমন ঘটিছে ৰাজ্যখনত । বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়েও অংশ ল'লে ৰাজ্যখনৰ এখন জনসভাত ।মমতা বেনাৰ্জীৰ 'খেলা হ'বে' শ্ল’গানক প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগত চাকৰি, বিকাশ আৰু শিক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে ।

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ পুৰুলীয়াত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ লৈ বঙালী ভাষাতে কয় "দিদি বোলে খেলা হ'বে, বিজেপি বোলে চাকৰি হ'বে, দিদি বোলে খেলা হ'বে, বিজেপি বোলে বিকাশ হ'বে, দিদি বোলে খেলা হ'বে, বিজেপি বোলে শিক্ষা হ'বে, খেলা ছেছ হ'বে, বিকাশ আৰম্ভ হ'বে" ৷

প্ৰধানমন্ত্ৰীৰ অভিযোগ প্ৰথমে বাওঁপন্থী চৰকাৰ আৰু তাৰ পিছত টিএমচি চৰকাৰে পশ্চিমবংগত উদ্যোগৰ ক্ষেত্ৰত বিকাশ হ'বলৈ দিয়া নাই । জলসিঞ্চনৰ বাবেও যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল, তাক কৰা হোৱা নাই বুলিও অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে । ইফালে পানীৰ অভাৱত পশুপালনত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যখন আৰু কৃষি কাৰ্যলৈ গুৰুত্ব নিদি কেৱল টিএমচিয়ে নিজৰ খেলৰ লগত ব্যস্ত বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰশ্ন কৰে যে তেওঁ বছৰ বছৰ ধৰি এখন সেঁতু নিৰ্মাণ কৰিব পৰা নাই, তেনেস্থলত কেনেদৰে উদ্যোগ আৰু বিকাশ সম্ভৱ কৰিব ? বিশাল জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰে যে বিজেপি চৰকাৰ গঠন হ'লে ৰাজ্যখনত উন্নয়ন হ'ব ।

তৃণমূল কংগ্ৰেছ চৰকাৰে পুৰুলীয়াৰ জন সাধাৰণক পানীৰ পৰা বঞ্চিত কৰা আৰু তেওঁলোকক প্ৰব্ৰজন আৰু বৈষম্যমূলক শাসনৰ অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে, যাৰ বাবে অঞ্চলটো দেশৰ আটাইতকৈ পিছ পৰা অঞ্চল হিচাপে চিনাক্ত কৰা হয় বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

পুৰুলীয়াক ভগৱান ৰাম আৰু দেৱী সীতাৰ বনবাসৰ সময়ৰ সাক্ষী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এসময়ত দেৱী সীতাৰ তৃষ্ণা নিৰাময় কৰা ভূমিত এতিয়া পানীৰ সমস্যাৰ সন্মুখীন হৈছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিয়ে শাসনত থকা ৰাজ্যসমূহত চৰকাৰে পাইপলাইন স্থাপন কৰিছে আৰু পানীৰ অভাৱ দূৰ কৰিবলৈ পুখুৰী নিৰ্মাণ কৰি দিছে ।

লগতে পঢ়ক:16 শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ: এডিআৰ

ABOUT THE AUTHOR

...view details