নিউজ ডেস্ক, ৩ জুন :শুকুৰবাৰে নিশা সংঘটিত ওড়িশাৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ তথা বিদেশ (Odisha tragic rail accident) । সাম্প্ৰতিক সময়ৰ এই ভয়াৱহ দুৰ্ঘটনাত তিনিখন ৰে'লৰ সংঘৰ্ষত এতিয়ালৈকে ২৬১ জন লোক নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে । যাৰ বাবে এতিয়া শোকত ম্ৰিয়মান সমগ্ৰ দেশ । আনহাতে, বিশ্বৰ বিভিন্ন দেশেও এই মৰ্মান্তিক দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে । ওড়িশাৰ বালাচোৰত সংঘটিত এই ৰে'ল দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰ্য ক্ষিপ্ৰ কৰি তোলা হৈছে (Odisha Balasore train accident) ।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অশ্বিনী বৈষ্ণৱে বালাছোৰ চিকিৎসালয় পৰিদৰ্শন কৰে (Union Minister Dharmendra Pradhan visit Balasore) । উল্লেখ্য, বালাচোৰ চিকিৎসালয়ত ৰে'ল দুৰ্ঘটনাত আহত বহু লোক চিকিৎসাধীন হৈ আছে (Minister Ashwini Vaishnaw visit Balasore hospital) ।
"মই স্থানীয় লোকসকলক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জনাইছোঁ । ৰে'লৱেই নিহত আৰু আহতসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে । সৰ্বাধিক অগ্ৰাধিকাৰ হৈছে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰা ।" কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় ।