নেশ্যনেল ডেস্ক,৩১ মাৰ্চ :কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ । চৰকাৰে শিক্ষাৰ্থীসকলৰ নিয়োগ আৰু অধ্যয়নৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈছে । তাৰ অংশস্বৰূপে ১ লাখতকৈ অধিক কাৰিকৰী শিক্ষাৰ্থীয়ে ইন্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰিব (Over 1 lakh internship opportunities for youth)।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বুধবাৰে অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ইন্টাৰ্ণশ্বিপ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাবে ১ লাখতকৈও অধিক ইন্টাৰ্ণশ্বিপৰ (Internship) সুযোগ মুকলি কৰে (Dharmendra Pradhan launched over 1 lakh internship opportunities) আৰু কয় যে অহা তিনি বছৰত নিয়োগৰ যোগ্যতা বৃদ্ধিৰ বাবে ১০০ নিযুত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য আছে চৰকাৰৰ ।