ধনতেৰচ :ধনতেৰচৰ সৈতে পাঁচদিনীয়াকৈ পালন কৰা হয় দীপাৱলী । প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয় । ধনতেৰচ হৈছে এটা বিশেষ আৰু শুভ মূহুৰ্ত ৷ এই দিনটোতে মানুহে অলংকাৰ, বাচন-বৰ্তন, বাহন, কাপোৰ আদি ক্ৰয় কৰে ।
বিশ্বাস অনুসৰি, চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ বাবে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল ৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায় । কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ পৃথিৱীত আবিৰ্ভাৱ হৈছিল । ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয় । এই বছৰ ধনতেৰচ উৎসৱ ২০২১ চনৰ ২ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে উদযাপন কৰা হ'ব । দীপাৱলীৰ উপাসনা কৰিবলৈ একেদিনাই লক্ষ্মী আৰু গণেশৰ এটা মূৰ্তিও ঘৰলৈ অনা উচিত ।
দীপ প্ৰজ্বলন :
ধনত্ৰয়োদশী (dhantrayodashi) উপলক্ষে সন্ধিয়া চাকি-বন্তি জ্বলোৱাৰ পৰম্পৰাও আছে । পৰিয়ালৰ শান্তিৰ বাবে ধনতেৰচৰ দিনা সন্ধিয়া চাকি জ্বলোৱা হয়, ইয়াক যম দীপক বুলি কোৱা হয় । এই চাকি যমৰাজৰ বাবে জ্বলোৱা হৈছে । লোকবিশ্বাস অনুসৰি, এনে কৰিলে পৰিয়ালত অকাল মৃত্যু হাৰ কম হয় ৷
ধনত্ৰয়োদৰ্শীৰ দিনাৰ গুৰুত্বপূৰ্ণ ক্ষণ :
দিন - মঙলবাৰ, 02 নৱেম্বৰ
সূৰ্যোদয় - 06:33
সূৰ্যোদয় - 05:47
তিথি - ত্ৰয়োদশী, 02 নৱেম্বৰৰ পুৱা 11:31 ৰ পৰা 03 নৱেম্বৰ 09:02 লৈ
অভিজিৎ মূহুৰ্ত(Abhijit Muhurta) - পুৱা 11:50 ৰ পৰা 12:33 লৈ
বিজয় মূহুৰ্ত (vijay Muhurta) - দুপৰীয়া 02:03 ৰ পৰা 02:47 লৈ