অসম

assam

ETV Bharat / bharat

Victory of Dhami: গাদী ৰক্ষাৰ যুঁজত সফল হ'ল পুষ্কৰ সিং ধামী - উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী

আত্মসন্মান ৰক্ষা কৰিবলৈ সক্ষম হ'ল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী (Pushkar Singh Dhami wins Champawat assembly byelection)। উত্তৰাখণ্ডৰ উপ নিৰ্বাচনত বৃহৎ সংখ্যক ভোটত জয়লাভ ধামীৰ । কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্মলা গহতোৰীক প্ৰায় ৫৪ হাজাৰ ভোটত পৰাস্ত ।

Victory of Dhami
গাদী ৰক্ষাৰ যুঁজত সফল হ'ল পুষ্কৰ সিং ধামী

By

Published : Jun 3, 2022, 12:06 PM IST

নেশ্যনেল ডেস্ক,৩ জুন :অৱশেষত আশা কৰা ধৰণেই ফলাফল আহিল । উত্তৰাখণ্ডৰ উপ নিৰ্বাচনত বৃহৎ সংখ্যক ভোটত জয়ী হ'ল মুখ্যমন্ত্ৰী তথা চম্পাৱত সমষ্টিৰ বিজেপি প্ৰাৰ্থী পুষ্কৰ সিং ধামী (Pushkar Singh Dhami wins Champawat assembly byelection)। কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মলা গহতোৰীক প্ৰায় ৫৪ হাজাৰ ভোটত পৰাস্ত কৰে ধামীয়ে । ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰাই প্ৰতিটো ৰাউণ্ডতে পুষ্কৰ সিং ধামীয়ে আগবাঢ়ি আছিল ।

সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বাকী দুই প্ৰাৰ্থী ক্ৰমে সমাজবাদী পাৰ্টিৰ মনোজ কুমাৰ ভট্ট আৰু নিৰ্দলীয় প্ৰাৰ্থী হিমাশু গাডকোটি । কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি অৱশেষত গাদী ৰক্ষা কৰিবলৈ সক্ষম হ'ল ধামী ।

উল্লেখ্য যে উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত পুষ্কৰ সিং ধামীৰ নেতৃত্বত বিজেপি অৱতীৰ্ণ হৈছিল । বিজেপিয়ে নিৰ্বাচনত জয়ী হয় যদিও পুষ্কৰ সিং ধামী খতিমা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয়ৰ সন্মুখীন হৈছিল । ইয়াৰ পাছতো দলে পুষ্কৰ সিং ধামীকে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল ।

এনে পৰিস্থিতিত তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ ৬ মাহৰ ভিতৰত বিধানসভাত উত্তীৰ্ণ হোৱাটো অতি প্ৰয়োজন আছিল । সেয়েহে মুখ্যমন্ত্ৰীৰ বাবে চম্পাৱত সমষ্টিৰ পৰা বিধায়ক কৈলাশ গহতোৰীয়ে পদত্যাগ কৰে । লগে লগে চম্পাৱত সমষ্টিত উপ-নিৰ্বাচন (Champawat assembly byelection) অনুষ্ঠিত হয় আৰু পুষ্কৰ সিং ধামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় । যোৱা ৩১ মে'ত উপ নিৰ্বাচনৰ (Uttarakhand bye election 2022) ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো: হাৰ্দিক পেটেল

ABOUT THE AUTHOR

...view details