ইন্টাৰনেশ্যনেল ডেস্ক, 29 মাৰ্চ:ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ইছলামী দলসমূহে ৰাষ্ট্ৰজোৰা বন্ধৰ আহ্বান জনোৱাৰ মাজতে শুকুৰবাৰে বাইতুল মুকাৰম মছজিদ আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰায় 500 ৰ পৰা 600 নামবিহীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সোমবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, দেওবাৰে হেফাজত-ই-ইছলাম আৰু নিষিদ্ধ ঘোষিত জামাত-ই-ইছলামীয়ে পুৱাৰ পৰা গধূলিলৈকে আহবান কৰা ধৰ্মঘটৰ পাছত বাংলাদেশৰ ভিন্ন প্ৰান্তত জনজীৱন কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ৷ মছজিদ আক্ৰমণৰ ঘটনাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবু বকৰ চিদ্দিকিয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, 26 মাৰ্চৰ নিশা পল্টন আৰক্ষী থানাত মছজিদ হিংসাৰ ঘটনা সন্দৰ্ভত 500 ৰ পৰা 600 নামহীন লোকক অভিযুক্ত কৰি গোচৰ ৰুজু কৰা হৈছে ৷
26 মাৰ্চৰ নিশা পল্টন আৰক্ষী থানাত মছজিদ হিংসাৰ ঘটনা সন্দৰ্ভত 500 ৰ পৰা 600 নামহীন লোকক অভিযুক্ত কৰি গোচৰ ৰুজু প্ৰাপ্ত তথ্য অনুসৰি এই হিংসাত্মক ঘটনাত প্ৰায় 50 গৰাকী লোক আহত হয় ৷ হেফাজতৰ কৰ্মী সকলে আৰক্ষীক শিলাবৰ্ষণ কৰাৰ লগতে ভক্তসকলক আক্ৰমণ কৰি তেওঁলোকৰ মটৰচাইকেলত অগ্নি সংযোগ কৰাৰ দৰে সংঘটিত ঘটনাৰ ফলতে প্ৰায় এই লোক কেইগৰাকী আঘাতপ্ৰাপ্ত হয় ৷
শুকুৰবাৰে ৰাতিপুৱা হেফাজতৰ সন্ত্ৰাসবাদী সকলে ব্ৰাহ্মনবৰীয়া ষ্টেশ্যনত অগ্নি সংযোগ কৰাৰ ফলত কেইবাটাও স্থানত ৰে'ল সেৱা ব্যাহত হৈ পৰাৰ লগতে ট্ৰেইনসমূহ ষ্টেশ্যনতে আৱদ্ধ হৈ পৰে ৷ দেওবাৰৰ ধৰ্মঘটৰ সময়ত ঢাকা, চিলেট, ৰাজসাহি, চিটাগং আৰু ব্ৰাহ্মনবৰীয়া আদিকে ধৰি ৰাষ্ট্ৰখনৰ বিভিন্ন ঠাইত পথ অৱৰোধ, হিংসা আৰু আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷
দেওবাৰে বাংলাদেশৰ ভিন্ন প্ৰান্তত জনজীৱন কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা ব্ৰাহ্মনবৰীয়াত সোণাৰ বাংলা এক্সপ্ৰেছত ইটা নিক্ষেপ কৰাৰ ফলত প্ৰায় 200 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হয় ৷ উগ্ৰ প্ৰতিবাদকাৰী সকলে আনকি আশুগঞ্জ আৰু ব্ৰাহ্মণবৰীয়া সংযোগী এখন 50 বছৰ পুৰণি ৰেল-দলঙত অগ্নিসংযোগ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ এটা দলে হাথাজাৰি আৰক্ষী থানা লণ্ড ভণ্ড কৰাৰ লগতে এখন বাহনত অগ্নিসংযোগ কৰি স্থানীয় লোকক আক্ৰমণ কৰে ৷
উল্লেখ্য যে, চিটাগং-ঢাকা আৰু ঢাকা-চিলেট সংযোগী ৰে'ল সেৱা সম্পূৰ্ণ তিনি দিনৰ মূৰত পুনৰ আৰম্ভ হোৱাৰ লগতে দেওবাৰে বিয়লি ভাগৰ পৰা ব্ৰাহ্মণবৰীয়াৰ পৰা ৰে'ল চলাচল আৰম্ভ হয় ৷
লগতে পঢ়ক:কেৰালাত চাউল বিতৰণ: নিৰ্বাচনী আয়োগৰ নিৰ্দেশ স্থগিত কৰিলে ন্যায়ালয়ে