নেশ্যনেল ডেস্ক,১৮ জুন:শেহতীয়াকৈ চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশ আৰক্ষী । এক উত্তেজনাময় পৰিৱেশত আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰিছিল প্লাষ্টিকৰ চকী আৰু খৰাহি । সেই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে খলকনিৰ সৃষ্টি হৈছে ৰাজ্যখনৰ আৰক্ষীৰ শীৰ্ষ মহলত । ইতিমধ্যে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে বিষয়টোৰ ওপৰত কৈফিয়ৎ দিবলৈ নিৰ্দেশ দিছে । উন্নাওৰ আৰক্ষী অধীক্ষক আনন্দ ৰাও কুলকাৰ্ণীৰ পৰা কৈফিয়ৎ বিচাৰিছে সঞ্চালক প্ৰধান (DGP) এইচ.চি. আৱস্থীয়ে । তথ্য অনুসৰি আৰক্ষীৰ হাতত সুৰক্ষা কৱচ নথকাৰ বাবে এই পৰিৱেশৰ সূচনা হৈছিল ।
সঞ্চালক প্ৰধানে ইতিমধ্যে ঘটনাৰ চৰজমিন তদন্তৰ দায়িত্ব দিছে ৰায়বৰেলীৰ এএছপি বিশ্বজিৎ শ্ৰীবাস্তৱক । সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে উত্তেজিত জনতাক বাধা দিবলৈ আৰক্ষীয়ে সুসজ্জিতভাৱে পৰিস্থিতিৰ মোকাবিলা কৰা প্ৰয়োজন । তেওঁৰ মতে ইতিমধ্যে আইন-শৃংখলা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জিলাসমূহক এক বিস্তৃত এছ.ও.পি.(SOP) আৰু পৰ্যাপ্ত সুৰক্ষাৰ সঁজুলি প্ৰদান কৰা হৈছে, কিন্তু উন্নাও আৰক্ষী বাহিনী এই ক্ষেত্ৰত সুসজ্জিত নাছিল।
উল্লেখ্য যে এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছিল । ৰাইজে ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ কৰিছিল সংঘৰ্ষত লিপ্ত হৈছিল । উন্নাও আৰক্ষীৰ মতে ভীম সেনা নামৰ এটা সংগঠনৰ সদস্যসকলে ৰাইজক এনে কৰিবলৈ উৎসাহিত কৰিছিল ।