নেশ্যনেল ডেস্ক,25 জুলাই: পবিত্ৰ শাওণ মাহৰ দ্বিতীয় সোমবাৰে ভগৱান শিৱক দৰ্শন কৰাৰ উদ্দেশ্যৰে মধ্য প্ৰদেশৰ উজ্জাইনস্থিত প্ৰখ্যাত মহাকাল মন্দিৰত অসংখ্য ভক্তই ভিৰ কৰে(Devotees throng Mahakaal temple on Shravans second Monday) । খুব কম সময়ৰ বাবে সোমবাৰৰ দিনটোত ভক্তসকলৰ বাবে মুকলি কৰা হৈছিল মন্দিৰৰ মুখ্য দুৱাৰ । পুৰোহিতসকলে বৈদিক স্তৱ জপ কৰাৰ মাজতে জলাভিষেক আৰু ভস্ম আৰতিৰে ভগৱানক স্তুতি কৰা দেখিবলৈ পোৱা যায় ।
বহু ভক্তই পুৰোহিতসকলে বৈদিক ৰীতি-নীতি সম্পন্ন কৰাৰ সময়ছোৱাত ফলমূল, মৌ, ঘিউ, ফুল, বেলপাত, কাজু, আলমণ্ড, ৰুদ্ৰাক্ষ, আবিৰ, কুমকুম আদিৰ লগতে ভগৱান শিৱলৈ নৈবদ্য স্বৰূপে মিঠায়ো আগবঢ়াইছিল ৷