অসম

assam

ETV Bharat / bharat

পৱিত্ৰ ইষ্টাৰৰ বাবে গীৰ্জাসমূহত ভিৰ ভক্তৰ - পৱিত্ৰ ইষ্টাৰৰ বাবে গীৰ্জাসমূহত ভিৰ ভক্তৰ

দেশজুৰি বিভিন্ন গীৰ্জাঘৰত পালন ইষ্টাৰ । কেৰালা, গোৱা, মুম্বাই আদিৰ গীৰ্জাঘৰত ব্যাপক ভিৰ (Devotees throng churches for holy Easter)। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ এই পৱিত্ৰ দিনটোত বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন ।

Easter
পৱিত্ৰ ইষ্টাৰৰ বাবে গীৰ্জাসমূহত ভিৰ ভক্তৰ

By

Published : Apr 17, 2022, 8:08 PM IST

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল :বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ইষ্টাৰ উৎসৱ (Easter celebration in India) । ব্যতিক্ৰম নহয় ভাৰত । ভাৰতৰ কেৰালাৰ কোচিত অগণন দৰ্শনাৰ্থীয়ে ভিৰ কৰে প্ৰতিটো গীৰ্জাঘৰত । ছেইণ্ট মেৰী কেথেড্ৰেল বেচিলিকা গীৰ্জাঘৰত দেখা গৈছে অগণম লোকৰ সমাৱেশ ।

ইষ্টাৰ উপলক্ষ্যে আয়োজিত বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে ভক্তসকলে । এশ বছৰীয়া গীৰ্জাঘৰত ভগৱান যীচুৰ ওচৰত প্ৰাৰ্থনা জনাইছে লোকসকলে । ভক্তসকলক সম্বোধন কৰাৰ সময়ত কাৰ্ডিনেল জৰ্জ এলেনচেৰীয়ে বৰ্তমান সময়ত বৃদ্ধি পোৱা হিংসাত্মক ঘটনা, যুদ্ধ, সংঘৰ্ষ আদিৰ বিষয়ে উদ্বিগ্ন প্ৰকাশ কৰে । সকলোকে শত্ৰুতা পৰিহাৰ কৰি শান্তিভাৱে থাকিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বিশ্বাস অনুসৰি এই দিনটোতে ভগৱান যীচু খ্ৰীষ্টই মৃত্যুৰ পৰা পুনৰ জাগ্ৰত হৈছিল । যাক এতিয়া বিশ্বজুৰি ইষ্টাৰ বুলি জনা যায় । ইফালে প্ৰতিবছৰৰ দৰে গোৱাৰ পানাজীৰ ইমেকুলেট কনচেপচন গীৰ্জাত ভক্তসকলে অতি আগ্ৰহেৰে আৰু বিশ্বাসেৰে ইষ্টাৰ উদযাপন কৰে (Devotees gather at goa church on Easter)। কেৰালাৰ লগতে মুম্বাইৰ বিখ্যাত ছেইণ্ট মাইকেল গীৰ্জাঘৰতো ইষ্টাৰ বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয় । য'ত অগণন ভক্তই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :গুজৰাটৰ মৰবিত ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details