অসম

assam

ETV Bharat / bharat

মৌনি অমাৱস্যা উপলক্ষে গংগাত স্নান ভক্তৰ - গংগা নদীত স্নান ভক্তৰ

মৌনি অমাৱস্যা উপলক্ষে উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভক্তৰ লানি নিছিগা ভিৰ । পবিত্ৰ গংগা নদীত স্নান কৰিলে ভক্তপ্ৰাণ ৰাইজে । হৰিদ্বাৰত যোৱা ১৫ জানুৱাৰীৰ পৰা মহাকুম্ভ মেলা আৰম্ভ হৈছে আৰু ২৭ এপ্ৰিলত এই মেলাৰ অন্ত পৰিব ।

মৌনি অমাবস্যাৰ নিশা হৰিদ্বাৰত পৱিত্ৰ গংগাত স্নান ভক্তৰ
মৌনি অমাবস্যাৰ নিশা হৰিদ্বাৰত পৱিত্ৰ গংগাত স্নান ভক্তৰ

By

Published : Feb 11, 2021, 5:16 PM IST

নেশ্যনেল ডেস্ক,১১ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ হৰিদ্বাৰত মহা কুম্ভমেলা অনুষ্ঠিত হৈ থকাৰ মাজতে বৃহস্পতিবাৰে পবিত্ৰ গংগা নদীত স্নান কৰিলে ভক্ত প্ৰাণ ৰাইজে । মৌনি অমাৱস্যাৰ পবিত্ৰ ক্ষণত ধৰ্মীয় ৰীতি-নীতি অনুসৰি ভক্তই স্নান কৰাৰ পিছতে ঘাটৰ ব্যৱস্থাসমূহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভক্ত সকলে । তেওঁলোকে কয় যে, হৰিদ্বাৰ ঘাটত ভক্তৰ বাবে কৰা সকলো ব্যৱস্থা সন্তোষজনক আৰু মহাকুম্ভ মেলাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নিৰ্দেশনা মানি চলি অনুষ্ঠান আয়োজন কৰা হৈছে ।

আনহাতে, আৰক্ষী অধীক্ষক সুৰজিত সিং পানৱাৰে জনোৱা মতে, তেওঁলোকে এইবাৰ সংক্ৰান্তিৰ দিনাতকৈ অধিক ভক্ত সমাগম হোৱাৰ আশা কৰা হৈছে । তেওঁ লগতে কয় যে, কুম্ভমেলাক ৬ টা অঞ্চল আৰু ২৪ টা খণ্ডত বিভক্ত কৰি সেই অনুসৰি নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

উল্লেখ্য যে, যোৱা ১৫ জানুৱাৰীৰ পৰা মহাকুম্ভ মেলা আৰম্ভ হৈছে আৰু ২৭ এপ্ৰিলত মেলাৰ অন্ত পৰিব । মৌনি অমাৱস্যা হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে পবিত্ৰ দিন । মাঘ মাহত মৌনি অমাৱস্যাৰ দিনটোত ভক্তসকলে মৌন ব্ৰত পালন কৰে আৰু ঈশ্বৰৰ আৰাধনা কৰে ।

লগতে পঢ়ক:সমৰ্পণ দিৱসত বিজেপি সাংসদক সম্বোধন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details