অসম

assam

ETV Bharat / bharat

য’ত আৰাধনাৰ বাবে প্ৰসাদৰ পৰিৱৰ্তে দেৱীক পিন্ধোৱা হয় ক’লা চশমা - বস্তাৰৰ কেংগাৰ উপত্যকা

বস্তাৰৰ কেংগাৰ উপত্যকাত দেৱী বাস্তাবুন্দিনৰ এটা মন্দিৰ আছে। চৈত্ৰ নৱৰাত্ৰাৰ সময়ত ইয়াত এটা বিশেষ অনুষ্ঠান আছে। এই দেৱী মন্দিৰৰ বিশেষত্ব হ'ল যে ইয়াত ভক্তসকলে প্ৰসাদ হিচাপে দেৱীক ক'লা চশমা পিন্ধায় (Devotees offer black glasses to Goddess Bastabundin ) । জানো আহক ভক্তসকলে কিয় এনে কৰে।

Devotees offer black glasses to Goddess Bastabundin in Kanger Valley of Bastar
প্ৰসাদৰ পৰিৱৰ্তে দেৱীক পিন্ধোৱা হয় ক’লা চশমা

By

Published : Apr 8, 2022, 7:23 PM IST

নেচনেল ডেস্ক, 8 এপ্ৰিল :দেৱীৰ উপাসনা উৎসৱ চৈতৰ নৱৰাত্ৰি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে । ২ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই চৈতৰ নৱৰাত্ৰি উৎসৱ ৯ দিন ধৰি চলিব। এই সময়ছোৱাত, ভক্তসকলে সকলো দেৱী মন্দিৰত ভিৰ কৰিছে । এই সময়ত ছত্তীশগড়ৰ বস্তাৰৰ বাসতাবুন্দিন দেৱীৰো পূজা-অৰ্চনা চলি আছে । পিছে এই ধামৰ সৈতে জড়িত লোকবিশ্বাস কিছু সুকীয়া ।

ইয়াত, ভক্তসকলে তেওঁলোকৰ ইচ্ছা পূৰণৰ বাবে প্ৰসাদৰ ৰূপত দেৱীক নাৰিকল, ফল, মিঠাই দিয়াৰ পৰিৱৰ্তে দেৱীক পিন্ধোৱা হয় ক'লা চশমা (Devotees offer black glasses to Goddess Bastabundin ) । এই পৰম্পৰা বহু যুগ ধৰি চলি আছে । দৰাচলতে, বস্তাৰ জিলাৰ কাংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ কোটামচাৰ গাঁৱত, দেৱী বাস্তাবুন্দিনৰ যাত্ৰা প্ৰতি 3 বছৰৰ ব্যৱধানত হয় আৰু এই সময়ত ভক্তসকলে দেৱীক চশমা পিন্ধাই উদ্যানখন সেউজীয়া হৈ থকাটো কামনা কৰে ।

দৰাচলতে, বস্তাৰৰ ঘন অৰণ্য হৈছে বস্তাৰৰ জনজাতীয় লোকসকলৰ জীৱিকাৰ বাবে প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। জনজাতীয় লোকসকলে বিশ্বাস কৰে যে ঈশ্বৰে তেওঁলোকক জংঘলখন আশীৰ্বাদ হিচাপে উপহাৰ দিছে । জনজাতীয় লোকসকলে এই অৰণ্যক নিজৰ জীৱনতকৈয়ো বেছি ভাল পায় । তেওঁলোকে নিজৰ আৰাধ্যা দেৱীৰ পৰা এই আশীৰ্বাদ বিচাৰে যে, তেওঁলোকৰ অৰণ্যখনৰ ওপৰত কাৰো কোপদৃষ্টি নপৰক ।

কেৱল এয়াই নহয়, কাৰো কোপদৃষ্টিৰ নপৰাৰ কামনা কৰি তেওঁলোকে দেৱীক আকৰ্ষণীয় চশমাৰে সজ্জিত কৰে (Jagdalpur kala chashma devi mandir)।শতিকা ধৰি চলি অহা এই পৰম্পৰা এতিয়া যুৱ প্ৰজন্ময়ো আদৰি লৈছে । মন্দিৰৰ পুৰোহিত জিতুৱে কয় যে, এই বছৰো দেৱীৰ অনুগ্ৰহ থাকিব আৰু দেৱীয়ে সেউজীয়া অৰণ্যখন সুৰক্ষিত কৰি ৰাখিব ।

লগতে পঢ়ক :যাত্ৰা: ছাগলী চৰোৱা লোকৰ পৰা আইএএছ বিষয়া হোৱালৈ

For All Latest Updates

ABOUT THE AUTHOR

...view details