নেশ্যনেল ডেস্ক,৭ মে' :উত্তৰাখণ্ডত প্ৰতিকূল বতৰে ভয়ংকৰ ৰূপ লৈছে (Weather condition in Uttarakhand)। বৰষুণ আৰু তুষাৰপাতৰ কৱলত পৰিছে উত্তৰাখণ্ড । যাৰ বাবে চাৰধাম যাত্ৰা একপ্ৰকাৰ ব্যাহত হৈ পৰিছে । একে সময়তে, প্ৰচণ্ড শীতৰ বাবে তীৰ্থযাত্ৰীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । উত্তৰাখণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এই বছৰ বৰ্তমানলৈ উত্তৰাখণ্ডত ২১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে ।
লক্ষণীয়ভাৱে দেশৰ ভিন্ন প্ৰান্তৰ ৪,৭৪,৬২২ গৰাকী লোকে এতিয়ালৈ চাৰধাম যাত্ৰাত অংশ লৈছে । ৬ মে'ত মুঠ ৩৮,৫২৩ গৰাকী ভক্তই চাৰিওটা মন্দিৰ দৰ্শন কৰিছে । উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি প্ৰতিকূল বতৰৰ বাবে এতিয়ালৈকে ২১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে (21 Devotees Death in Chardham Yatra)।
কেদাৰনাথত সৰ্বাধিক ৮ গৰাকী লোকৰ মৃত্যু হৈছে । যমুনোত্ৰীৰ জানকী চাট্টিত দ্বিতীয় সৰ্বাধিক ৬ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে । গংগোত্ৰীত ৪ গৰাকী আৰু বদ্ৰীনাথত ৩ গৰাকী লোকৰ মৃত্যু হৈছে । উত্তৰাখণ্ডত তীৰ্থ ভ্ৰমণৰ সময় আৰম্ভ হোৱাৰ লগে লগে বতৰেও কালৰূপ ধাৰণ কৰিছে (Chardham Yatra 2023)।