নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : আজি মাঘী পূৰ্ণিমা (Today is Maghi Purnima) ৷ সমগ্ৰ দেশতে মহা আড়ম্বৰেৰে পালন কৰা হৈছে এই পৱিত্ৰ উৎসৱটি ৷ হিন্দু ধৰ্মত মাঘ পূৰ্ণিমা উৎসৱৰ বিশেষ গুৰুত্ব আছে বুলি জনা যায় । এই বাবেই পুৱাৰে পৰা গংগাত গা ধুবলৈ হৰিদ্বাৰত ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে (holy Bath in Ganga at Haridwar)। হৰিদ্বাৰৰ আটাইকেইটা ঘাটতে মানুহে পৱিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বিশ্বাসেৰে গংগা নদীত স্নান কৰা পৰিলক্ষিত হৈছে (Devotees are taking holy Bath in Ganga)। একে সময়তে মাঘী পূৰ্ণিমাত গা ধোৱাৰ বাবে জিলা প্ৰশাসন আৰু মেলা আৰক্ষীয়ে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।
মাঘী পূৰ্ণিমাত গংগাত স্নান কৰা লোকসকলে শুভকামনা আৰু বংশধৰ লাভ কৰে বুলি জনবিশ্বাস প্ৰচলিত । মাঘী পূৰ্ণিমাত দান, যজ্ঞ, উপবাসৰ লগতে বাঞ্চা সিদ্ধিৰ বাবে জপ কৰা হয় । মাঘী পূৰ্ণিমা সম্পৰ্কে পুৰাণত কোৱা হৈছে যে যি ব্যক্তিয়ে এই উপলক্ষে গংগাত স্নান কৰে বা গংগা মাতৃৰ মন্ত্ৰ জপ কৰে, তেওঁ সকলো দুখ-কষ্টৰ পৰা মুক্তি পায় বুলি (Magha Purnima 2023 )।
মাঘ মাহটোক ভগৱান বিষ্ণুৰ মাহ বুলি কোৱা হয় । এই দিনটোত বিষ্ণুৰ মন্ত্ৰ জপ কৰাৰ ফলত উদ্দেশ্য সিদ্ধি হয় । বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ভগবান বিষ্ণুৱে গংগাত স্নান কৰে বুলি । সেইবাবেই আজিৰ এই পৱিত্ৰ দিনটোত গংগাত স্নান কৰিলে বিষ্ণুৰ সৈতে স্নান কৰা সদৃশ হয় বুলি হিন্দু সমাজত জনবিশ্বাস প্ৰচলিত ৷ তদুপৰি, গংগাৰ পাৰত এই মন্ত্ৰ জপ কৰিলে গোটেই বছৰটো সুফল লাভ কৰিব পোৱা যায় বুলি বিশ্বাস আছে ।