নেশ্যনেল ডেস্ক, 15 আগষ্ট: চিমলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ 14 আগষ্ট অৰ্থাৎ সোমবাৰে সংঘটিত হোৱা ভূমিস্খলনত মৃত্যু হৈছে 11 গৰাকীকৈ লোকৰ ৷ এটা শিৱ মন্দিৰৰ ওপৰত হয় এই ভূমিস্খলন ৷ ফলত সেই সময়ত উপস্থিত থকা 11 গৰাকী লোক জীৱন্তে পুত যায় ৷
সোমবাৰে 8 জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে মঙলবাৰে উদ্ধাৰ কৰা হয় 3 জনৰ মৃতদেহ ৷ এই ভূমিস্খলনৰ ফলত আৰু লোক পুত যোৱাৰ আশংকা কৰি অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান ৷ মঙলবাৰে উদ্ধাৰ হোৱা 3 টা মৃতদেহৰ এজন এখন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক বুলি জানিব পৰা গৈছে ৷ ক্ষত-বিক্ষত অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে এতিয়াও কেইবাটাও মৃতদেহৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷
আনহাতে এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ শিৱ মন্দিৰটোৰ কাষেৰে বৈ যোৱা এই নলাটোত আৰু লোক উটি যোৱাৰ আশংকা কৰি উদ্ধাৰকাৰী দলে এক কিলোমিটাৰ নিলগলৈকে চলাইছে অভিযান ৷ এই ভূমিস্খলনত প্ৰায় ২০ ৰ পৰা ২৫ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷ লগতে পৰিচয় উদ্ধাৰ হোৱা লোকসকলৰ পৰিয়ালক ঘটনাৰ সৱিশেষ অৱগত কৰা হৈছে ৷