নিউজ ডেস্ক, ২৯ মে’: মল্লযোদ্ধা বজৰং পুনিয়াক দেওবাৰে নিশা প্ৰায় ১২ বজাত দিল্লী আৰক্ষীয়ে পূব দিল্লীৰ ময়ূৰ বিহাৰ আৰক্ষী থানাৰ পৰা মুকলি কৰি দিয়ে (Detained wrestler Bajrang Punia released)। আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পিচত, বজৰং পুনিয়াই ন্যায় প্ৰদান নোহোৱালৈকে ঘৰলৈ যোৱাৰ কোনো অৰ্থ নাই বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । তেওঁ বাকী মল্লযোদ্ধাসকলক লগ পোৱাৰ সকলোৱে আলোচনা কৰি পৰৱৰ্তী কাৰ্যপন্থাৰ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
ইফালে, নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ উপস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পুনিয়াই কয়, নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত এজন অভিযুক্ত উপস্থিত থকাটো দেশৰ দুৰ্ভাগ্য । তেওঁ লগতে কয় য়ে, অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ ৭ দিন লাগিছিল আৰু খেলুৱৈসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ ৭ ঘণ্টাও সময় নালাগিছিল ।
উল্লেখ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীত নতুন সংসদ ভৱনটো মুকলি কৰে ৷ নতুন সংসদ ভৱনৰ উদ্বোধনৰ বাবে ৰাজধানী চহৰখনত পুৱাৰে পৰা বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল । দিল্লী আৰক্ষীয়ে যন্তৰ-মন্তৰতো ১৪৪ ধাৰা জাৰি কৰিছিল ৷ ইফালে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক (Wrestlers protest in Delhi) গ্ৰেপ্তাৰৰ দাবীত দেওবাৰে মহিলা সন্মান মহাপঞ্চায়ত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু দিল্লী আৰক্ষীয়ে এই মহাপঞ্চায়তৰ বাবে অনুমতি প্ৰদান কৰা নাছিল ৷