অসম

assam

ETV Bharat / bharat

নাৰদা কেলেংকাৰীৰ ইতিবৃত্ত - নাৰদা নিউজ

মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰীসকলৰ দুৰ্নীতিমূলক কাৰ্যকলাপ উদঙাই 2016 ৰ পশ্চিমবংগ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰকাশ হৈছিল মেথিউ চেমুৱেল নামৰ এগৰাকী সাংবাদিকে চলোৱা ষ্টিং অপাৰেচনৰ ভিডিঅ' ৷ নাৰদা ষ্টিং অপাৰেচনক লৈ চিবিআইয়ে চলোৱা তদন্তত সোমবাৰে গ্ৰেপ্তাৰ হ'ল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী মন্ত্ৰী ৷

details of narada scam
নাৰদা কেলেংকাৰীৰ ইতিবৃত্ত

By

Published : May 17, 2021, 2:24 PM IST

Updated : May 17, 2021, 2:34 PM IST

নাৰদা ষ্টিং অপাৰেচন, নামটোৱে ইংগিত বহন কৰাৰ দৰেই এই অপাৰেচন আছিল মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰীসকলৰ দুৰ্নীতিমূলক কাৰ্যকলাপ সমূহ পোহৰলৈ অনাৰ উদ্দেশ্যে পশ্চিমবংগত নাৰদা নিউজে চলোৱা ষ্টিং অপাৰেচনৰ এটা শৃংখলা ৷ প্ৰায় দুবছৰ ধৰি চলোৱা এই অভিযান প্ৰথমে তেহেলকা আলোচনীত প্ৰকাশ কৰা হৈছিল ৷ মেথিউ চেমুৱেল নামৰ এগৰাকী সাংবাদিকে এই অভিযান চলাইছিল ৷ অৱশ্যে পাচলৈ তেওঁ তেহেলকা ত্যাগ কৰি পশ্চিমবংগত নিজৰ এক টিভি চেনেল মুকলি কৰিছিল ৷

কেতিয়া প্ৰকাশ হৈছিল নাৰদা ষ্টিং অপাৰেচনৰ ফুটেজ ?

2016 ৰ পশ্চিমবংগ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ষ্টিং অপাৰেচনৰ ভিডিঅ'টো প্ৰকাশ কৰা হৈছিল ৷ এই ভিডিঅ'টোত তৃণমূল কংগ্ৰেছৰ 12 গৰাকী মন্ত্ৰীকে ধৰি নেতাসকলে অনুগ্ৰহৰ বিনিময়ত উৎকোচ গ্ৰহণ কৰা দেখা গৈছিল ৷ উল্লেখ্য যে, ইতিমধ্যে দলৰ বহু জ্যেষ্ঠ মন্ত্ৰী কোটি টকাৰ সাৰদা চিট-ফাণ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে ষ্টিং অপাৰেচনটোৱে পোহৰলৈ অনা তথ্য দলটোৰ বাবে বৃহৎ বিফলতা হিচাপে পৰিগণিত হৈছিল ৷

কোন কোন নেতাৰ নাম সাঙুৰ খাইছিল এই অপাৰেচনত ?

এটা কাল্পনিক কোম্পানী স্থাপন কৰি ষ্টিং অপাৰেটৰ সকলে কেইবাজনো মন্ত্ৰীক ধনৰ বিনিময়ত অনুগ্ৰহ বিচাৰি যোগাযোগ কৰিছিল ৷ অভিযোগ অনুসৰি কেমেৰাত উৎকোচ লোৱা অৱস্থাত ধৰা পৰা মন্ত্ৰী কেইজন হ'ল- মুকুল ৰয়, সুব্ৰত মুখাৰ্জী, চুলতান আহমেদ, সুগাতা ৰয়, শুভেন্দু অধিকাৰী, কাকলি ঘোষ দস্তিকাৰ, প্ৰসূন বেনাৰ্জী, শুভন চেটাৰ্জী, মদন মিত্ৰ, ইকবাল আহমেদ আৰু ফাৰহাদ হাকিম ৷ উল্লেখনীয়ভাৱে দলটোৰ বাবে পুঁজি সংগ্ৰহ কৰা মুখ্য ব্যক্তি বুলি দাবী কৰা জ্যেষ্ঠ আৰক্ষী বিষয়া এম এইচ আহমেদ মিৰ্জাকো উৎকোচ লোৱা দেখা গৈছিল ৷

কেনেকৈ আগবাঢ়িছিল নাৰদা ষ্টিং অপাৰেচন?

বিৰোধী দল তথা জনতাৰ কঠোৰ সমালোচনা আৰু ক্ষোভৰ সন্মুখীন হোৱা স্বত্তেও তৃণমূল কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে চলিত বৰ্ষৰ 17 মাৰ্চত কলকাতা উচ্চ ন্যায়ালয়ে চিবিআই (চেন্ট্ৰেল ব্যুৰ' ইনভেষ্টিগেশ্যন)ক এই ষ্টিং অপাৰেচন সন্দৰ্ভত এক প্ৰাথমিক তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পাচতে দলটোৰ বাবে পুনৰ এক বৃহৎ সমস্যাই গা কৰি উঠা পৰিলক্ষিত হয় ৷ উচ্চ ন্যায়ালয়ে আনকি প্ৰয়োজন সাপেক্ষে অভিযুক্ত সকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছিল ৷

বৰ্তমান কি পৰ্যায়ত আছে নাৰদা ষ্টিং অপাৰেচন ?

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ বিচাৰি পশ্চিমবংগ চৰকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷ অৱশ্যে, তিনিজনীয়া এখন বিচাৰপীঠে ৰাজ্য চৰকাৰক সমালোচনা কৰি আৰু তদন্ত অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ বিচাৰপীঠখনে প্ৰাথমিক অনুসন্ধানৰ বাবে চিবিআইক এমাহৰ ম্যাদ প্ৰদান কৰিছিল ৷ উল্লেখ্য যে, মন্ত্ৰী সকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা প্ৰমাণিত হ'লে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বাবে ই এক ডাঙৰ বিফলতা হিচাপে পৰিগণিত হ'ব ৷

এই পৰ্যন্ত কোন কোন মন্ত্ৰী গ্ৰেপ্তাৰ হ'ল চিবিআইৰ হাতত ?

নাৰদা কেলেংকাৰী সন্দৰ্ভত তদন্তকাৰী সংস্থা চিবিআই (চেন্ট্ৰেল ব্যুৰ' অৱ ইনভেষ্টিগেশ্যন) এ মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সুব্ৰত মুখাৰ্জী আৰু ফিৰহাদ হাকিমক গ্ৰেপ্তাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে কেবিনেট মিনিষ্টাৰ সহ তৃণমূল কংগ্ৰেছৰ নেতা সকললৈ চিবিআই (চেন্ট্ৰেল ব্যুৰ' অৱ ইনভেষ্টিগেশ্যন) এ চমন জাৰি কৰিছিল ৷ সোমবাৰে চিবিআইয়ে পশ্চিমবংগৰ পৰিবহন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী ফিৰহাদ হাকিমক নাৰদা ষ্টিং অপাৰেচন সন্দৰ্ভত চমন জাৰি কৰে ৷ মন্ত্ৰী গৰাকীয়ে অৱশ্যে তেওঁক চোৰাংচোৱাইহে গ্ৰেপ্তাৰ কৰিছে বুলি দাবী কৰিছে ৷

Last Updated : May 17, 2021, 2:34 PM IST

ABOUT THE AUTHOR

...view details