নিউজ ডেস্ক, 6 জানুৱাৰী :বুধবাৰে প্ৰকাশিত এক সমীক্ষাত প্ৰমাণিত হৈছে যে, ভাৰতে বৰ্তমান ক'ভিড-19 ৰ টীকাৰ বাবে প্ৰায় সাজু হৈছে ৷ কিছু দিনৰ ভিতৰতে প্ৰদান কৰিবলগীয়া টীকাৰ বাবে ভাৰতৰ প্ৰায় 69 শতাংশ লোকে টীকা লোৱাৰ পৰা নাকচ কৰিছে বুলি সমীক্ষাত প্ৰমাণিত হৈছে ৷
উল্লেখ্য যে,'The Drugs Controller General of India' চমুকৈ DCGIয়ে দেওবাৰে ক'ভিড প্ৰতিৰোধৰ বাবে দুটা প্ৰতিষেধকক অনুমোদন প্ৰদান কৰিছে ৷ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ পৰা নিৰ্মিত 'Oxford-AstraZeneca's Covishield'আৰু ভাৰত বায়'টেক নামৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা নিৰ্মিত 'কোভাক্সিন' নামৰ প্ৰতিষেধকক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে DCGIয়ে ৷
লগতে পঢ়ক :জনতাৰ পাকস্থলীলৈকে সোমাই আছে বিজেপি : প্ৰশান্ত ফুকন
'LocalCircles' নামৰ সংস্থাটোৱে নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ চলোৱা এক সমীক্ষাত প্ৰমাণিত হৈছে যে, ভাৰতৰ প্ৰায় 69 শতাংশ লোকে ক'ভিড প্ৰতিষেধক ল’বলৈ কিছু দ্বিধাবোধ কৰিছে ৷ 8,723 গৰাকী লোকৰ মাজত চলোৱা সমীক্ষাত পুনৰ প্ৰমাণিত হৈছিল যে, কেৱল 26 শতাংশ লোকে এই প্ৰতিষেধক চৰকাৰী বা কোনো ব্যক্তিগতখণ্ডৰ ক্লিনিকত উপলব্ধ হ’লে তেওঁলোকে গ্ৰহণ কৰিব ৷ একেদৰে, 5 শতাংশ লোকে যদিহে চৰকাৰে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰে তেতিয়াহ’লে তেওঁলোকে প্ৰতিষেধক ল’বলৈ আগ্ৰহী বুলি জানিবলৈ দিয়ে ৷
সংস্থাটোৰ এই সমীক্ষাৰ পৰা প্ৰমাণিত হয় যে, চৰকাৰীভাৱে প্ৰতিষেধকৰ অনুমতি প্ৰদান কৰিলেও ভাৰতৰ প্ৰায় 69 শতাংশ লোকে বৰ্তমান ইয়াৰ ওপৰত কোনো ধৰণৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব পৰা নাই ৷ উল্লেখ্য যে, ভাৰত বায়'টেক প্ৰতিষ্ঠানৰ'কোভাক্সিন'ক DCGI য়ে জৰুৰীকালীন ভাৱে 12 বছৰৰ ওপৰৰ ব্যক্তিক প্ৰদান কৰিবলৈ অনমুতি প্ৰদান কৰিছে ৷