অসম

assam

ETV Bharat / bharat

Malaika Arora: সুস্থ শৰীৰৰ বাবে মালাইকাই গ্ৰহণ কৰে Staple Meal, জানি লওক ইয়াৰ বিশেষত্ব - Malaika Arora yoga

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা অৰোৰাই ইনষ্টাযোগে এটি ডিচ আৰু আলুৰ চিপছৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁ কেপচনত লিখিছে Staple Meal । কিন্তু কি হয় এই Staple Meal আৰু এই খাদ্য আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানো আহক...

Desi food lover Malaika Arora shares Staple Meal know what is special about it
সুস্থ শৰীৰৰ বাবে মালাইকাই গ্ৰহণ কৰে Staple Meal, জানি লওক ইয়াৰ বিশেষত্ব

By

Published : Mar 30, 2023, 12:54 PM IST

Updated : Mar 30, 2023, 1:05 PM IST

মালাইকা অৰোৰাক আটাইতকৈ ফিটনেছ ফ্ৰিক চেলিব্ৰিটিৰ শাৰীত ধৰা হয় যদিও অভিনেত্ৰীগৰাকীৰ বিশেষত্ব হ’ল তেওঁ পশ্চিমীয়াৰ লগতে দেশী সংস্কৃতিও অনুসৰণ কৰে(Malaika Arora Fitness)। ফিটনেছৰ উপৰিও সৌন্দৰ্যৰ ৰাণী মালাইকাই প্ৰায়েই ইনষ্টাযোগে নিজৰ খাদ্যৰ ভিডিঅ’ বা ছবিও শ্বেয়াৰ কৰি থাকে(Malaika Arora diet plan)।

সুস্থ শৰীৰৰ বাবে মালাইকাই গ্ৰহণ কৰে Staple Meal, জানি লওক ইয়াৰ বিশেষত্ব

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাযোগে এটা ডিচ আৰু আলুৰ চিপছৰ ছবি শ্বেয়াৰ কৰিছে য’ত লিখা আছে "My staple meal.." । এতিয়া আপুনি নিশ্চয় ভাবিছে যে প্ৰধান বা মুখ্য খাদ্য(Staple Meal) দৰাচলতে কি ?

মালাইকাই পোষ্টটোত ষ্টেপল মিলৰ এটি ষ্টৰী শ্বেয়াৰ কৰে

মালাইকাই নিজৰ ইনষ্টা ষ্ট’ৰীত দেশী ষ্টাইলত প্ৰস্তুত কৰা খিচিৰিৰ এখন ছবি কেপচনৰ সৈতে শ্বেয়াৰ কৰে(Malaika Arora fitness secret )। তেওঁ মোৰ ষ্টেপল মিল লিখিছিল... খিচিৰি, আচাৰ আৰু আলুৰ ৱেফাৰ(Malaika Arora Instagram)। যদি দেখা যায়, তেন্তে ষ্টেপল মিল হৈছে সোৱাদযুক্ত আৰু টেঙা খাদ্যৰ এক উত্তম সংমিশ্ৰণ(Desi food lover Malaika Arora)। যদি আপুনি ওজন হ্ৰাসৰ মাজত চেট ডে’ত সোৱাদযুক্ত কিবা এটা খাব বিচাৰে তেন্তে মলাইকাৰ দৰে আচাৰ কৰা খিচিৰি উপভোগ কৰিব লাগে(Malaika Arora Photos)।

আহক জানো মালাইকাৰ ষ্টেপল মীলত কি কি অন্তৰ্ভুক্ত কৰে আৰু এই খাদ্যৰ বিশেষত্ব কি তথা ইয়াৰ বিকল্পত আপুনি কোনবোৰ খাদ্য গ্ৰহণ কৰিব পাৰে ৷ সাধাৰণতে খিচিৰি সকলোৰে প্ৰিয় বুলি ক’লেও ভুল নহ’ব । খিচিৰি কি কি ধৰণে প্ৰস্তুত কৰি খাব পাৰি জানো আহক ।

মগু দালিৰ খিচিৰি: ভাৰতৰ প্ৰায়বোৰ ঘৰতে এই শৈলীতে খিচিৰি প্ৰস্তুত কৰা হয় । যদি ৰাতি লঘু খাদ্য খাব বিচাৰে তেন্তে মগু দালিৰ খিচিৰি খাব পাৰে ।

মছলা ভেজিটেবল খিচিৰি:শাক-পাচলি অন্তৰ্ভুক্ত কৰি চাউল আৰু মচুৰ দাইলৰ খিচিৰিক ছুপাৰফুড বুলি গণ্য কৰিব পাৰি । শাক-পাচলি যোগ কৰিলে খিচিৰিত সৰ্বোত্তম সোৱাদ পোৱাৰ লগতে ই আমাৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী ।

ওটছ খিচিৰি:আঁহ আৰু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ওটছ খিচিৰি স্বাস্থ্যকৰ হোৱাৰ লগতে ই সুস্বাদুও হয় । যদি আপুনি ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত কিবা এটা খাব বিচাৰে তেন্তে আপুনি Oats Khichdi খাব পাৰে ।

লগতে পঢ়ক:Vitamin D deficiency: ভিটামিন Dৰ অভাৱ দূৰ কৰিবলৈ পান কৰক এইসমূহ স্বাস্থ্যকৰ পানীয়

Last Updated : Mar 30, 2023, 1:05 PM IST

ABOUT THE AUTHOR

...view details